Breaking

চন্দ্ৰযান ৩ সফল অভিযানৰ পিছত আজি আৰম্ভ হ’ব ভাৰতৰ সূৰ্য অভিযান…

0 82

চন্দ্ৰযান ৩ সফল অভিযানৰ পিছত আজি ইছৰোৰ আন এক মহাকাশ অভিলাষী অভিযান। প্ৰথমবাৰৰ বাবে সূৰ্য্য অভিমুখে যাত্ৰা কৰিব ভাৰতীয় মহাকাশ যান আদিত্য L1 ৷ আমেৰিকাৰ মহাকাশ প্ৰতিষ্ঠান নাছাৰ পিছত বিশ্বৰ দ্বিতীয় দেশ হিচাপে সূৰ্য্য অভিযান ভাৰতৰ ISRO। আজি সূৰ্য্য অভিমুখে যাত্ৰা কৰিব আদিত্য L1 ৷ চাৰিমহীয়া যাত্ৰাৰে প্ৰায় ১৫ লাখ কিঃমিঃ অতিক্ৰম নিজ লক্ষ্যস্থানত উপনীত হব আদিত্য L1 ৷ ৪০০ কৌটি টকা বাজেটৰ আদিত্য L1 মহাকাশত চাৰিবছৰ কাৰ্যক্ষম হৈ থাকি সূৰ্য্যৰ বিভিন্ন gas,মৌল,সৌৰশিখা লগতে সূৰ্যৰ গতি আৰু বিভিন্ন ৰহস্য ৰে ভৰা বিষয়ে অধ্যয়ন কৰি বিভিন্ন গৱেষণা কৰিব ৷ বিশ্ববহ্মাণ্ড উৎপত্তি আৰু ইয়াৰ সময় সমন্ধীয় বিষয়ত কিছু তথ্য পোৱাৰ আশা কৰিছে।

আজি দিনৰ ১১:৫০ মিনিটত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ ষ্টেচনৰ পৰা PSLV L- C57 ৰকেটৰে উৎক্ষেপন হ’ব আদিত্য L1 ৷ আদিত্য L1 যাত্ৰা সফল হওঁক আৰু বিশ্বৰ বুকুত ভাৰত তথা ISRO ৰ নাম জিলিকি উঠক।

Leave A Reply