Breaking

ব্ৰেকফাষ্টৰ সৈতে থলুৱা ফল হ’ল চেপেটাৰ শ্বেক হিচাপে তৈয়াৰ কৰি খাওঁক আৰু সৌন্দৰ্য বৃদ্ধি কৰক…

0 42

অসমৰ বিভিন্ন প্ৰান্তত অতিকে সহজলভ্য এবিধ থলুৱা ফল হ’ল চেপেটা । এই চেপেটা ফলবিধ বিভিন্ন গুণাগুণেৰে ভৰপূৰ । ইয়াত ভিটামিন এ, ভিটামিন চি আৰু এণ্টি অক্সিডেণ্টৰ গুণাগুণ ভৰপুৰ মাত্ৰাত পোৱা যায় । পুৱাৰ ভাগত ব্ৰেকফাষ্টৰ সৈতে এই ফল শ্বেক হিচাপে তৈয়াৰ কৰি খাব পাৰে । ই কেৱল সোৱাদেই নহয় স্বাস্থ্যকৰো । উল্লেখ্য যে এই চেপেটা ফল খাব পাৰিলে ছাল স্বাস্থ্যকৰ হোৱাৰ লগতে উজ্জ্বল হৈ উঠাত বিশেষ সহায় কৰে ।

তদুপৰি এই ফলত প্ৰচুৰ পৰিমানে কেলছিয়াম আৰু ফছফৰাছ নিহিত থাকে । সেয়েহে এই ফলৰ ৰস খোৱাৰ ফলত শৰীৰৰ হাড়সমূহ মজবুত হয় । আনহাতে এই ফলত মজুত থকা ভিটামিন ‘এ’ য়ে দৃষ্টিশক্তি বৃদ্ধি হোৱাত সহায় কৰে । নিয়মিতভাৱে এই ফলৰ ৰস খাব পাৰিলে দৃষ্টি শক্তিৰ বাবে উপকাৰী ।

এই ফলৰ ৰসে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । যিহেতু ইয়াত পৰ্যাপ্ত মাত্ৰাত ভিটামিন চিৰ পৰিমাণ মজুত থাকে আৰু ই এণ্টি অক্সিডেণ্টৰ কাম কৰে । ফলত এণ্টি অক্সিডেণ্ট আমাৰ শৰীৰত বিভিন্ন ৰোগ সৃষ্টি হোৱাৰ পৰা শৰীৰটোৰ সুৰক্ষা দিয়ে ।

তদুপৰি আপোনাৰ যদি পেটৰ বিভিন্ন সমস্যা, যেনে হজম নোহোৱা গেছ, এচিডিটি ইত্যাদি সমস্যা আছে, তেন্তে নিয়মিত এই ৰস সেৱনে এনে সমস্যা দূৰ কৰাত সহায় কৰিব । তদুপৰি দেহত যদি খুব ভাগৰুৱা অনুভৱ কৰে , তেন্তে এই ৰস সেৱনে শৰীৰত অতিৰিক্ত শক্তি যোগান ধৰাত সহায় কৰে ।

Leave A Reply