Breaking

অমানবীয়! কেৱল কন্যা শিশুৱেই নহয়, ল’ৰা শিশুৰ ওপৰতো নিৰ্যাতন চলাইছিল চেলিব্ৰিটি চিকিৎসকে…

0 74

এহাল হাই-প্ৰফাইল চিকিৎসক। ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্ত। টি ভিত ডাঙৰ ডাঙৰ কথা, পাৰ্টি কৰে হাই-প্ৰফাইল, চেলিব্ৰিটিৰ ব্যক্তিৰ লগত। অৱসৰ বিনোদনৰ বাবে যায় বিদেশ ভ্ৰণত। কিন্তু তেওঁলোকৰ কাৰ্ম বৰ্বৰ, অমানৱীয়, পৈপাশিক! আৰক্ষীৰ জালত পৰা চিকিৎসক সংগীতা দত্তই আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছে ন ন বিস্ফোৰক তথ্য। পালিত সন্তানক ব্যৱহাৰ কৰিছিল যৌন সামগ্ৰীৰ ৰুপে। কন্যা শিশুৰ গাত ঢালি দিছিল গৰম পানী, লগাই দিছিল গৰম ইস্ত্ৰি। এই তথ্য সদৰী কৰে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই।

মানুহ কিমান তললে নামিলে এনে কাৰ্য কৰিব পাৰে হয়তো কোনেও কল্পনা কৰিব নোৱাৰে। আনহাতে চাহ, শিল্পিং টেবলেট বিচাৰি আৰক্ষীক অনুৰোধ ডাঃ সংগীতা দত্তৰ। গ্ৰেপ্তাৰৰ পূৰ্বেও মেকআপ কৰিবলৈ সময় বিচাৰিচিল আৰক্ষীৰ ওচৰত। ক্ষমতাশালী দুই ব্যক্তিৰ এই বৰ্বৰ কাৰ্যই সকলোকে আচৰিত কৰি তুলিছে। হয়তো সময়ে সময়ে এই ঘটনাৰ ন ন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা।

Leave A Reply