Breaking

জামুগুৰিহাটত আঘাতপ্ৰাপ্ত হৰিণা উদ্ধাৰ

0 41

জামুগুৰিহাটৰ বালিচাপৰিৰ ৰাবাৰ বাগানত উদ্ধাৰ কৰা হয় এটি আঘাতপ্ৰাপ্ত হৰিণা।

বনাঞ্চলৰ পৰা নিশাৰ ভাগত ওলাই আহি জনাঞ্চলত প্ৰবেশ কৰা আঘাতপ্ৰাপ্ত হৰিণাটোক স্থানীয় ৰাইজে উদ্ধাৰ কৰি জামুগুৰি আৰক্ষীক গতাই দিয়ে।

আৰক্ষীয়ে পিছত আঘাতপ্ৰাপ্ত হৰিণাটো বনবিভাগক চমজাই দিয়ে।

বনবিভাগৰ ফালৰ পৰা বৰ্তমান আঘাতপ্ৰাপ্ত হৰিণাটো চিকিংসা প্ৰদান কৰা হৈছে আৰু সুস্থ হৈ উঠিলে হৰিণাটোক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনত এৰি দিয়াৰ কথা জানিবলৈ দিছে বনবিভাগৰ কৰ্মচাৰীয়ে।
-জোন বৰা, জামুগুৰিহাট

Leave A Reply