Breaking

অভিনৱ প্ৰতিবাদ! ৰাইজে কেক কাটিলে প্ৰতিবাদ স্থলীত…

0 66

বিগত ২০১৮ চনৰ ১৮ মে’ৰ দিনা সেইসময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, তেতিয়াৰ গড়কাপ্তানী মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেবিনেট মন্ত্ৰী ৰনজিৎ কুমাৰ দাসৰ উপস্থিতিত উৰণীয়া সেঁতুখনৰ আধাৰশিলা স্থাপন কৰিছিল৷

দুই বছৰৰ ভিতৰত সেঁতুখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’ব বুলি উক্ত অনুষ্ঠানটোত ঘোষণা কৰিছিল যদিও যোৱা ১৮ মে’ৰ দিনটোত আধাৰশিলা স্থাপনৰ ৫ বছৰ সম্পূৰ্ণ হল যদিও উৰণীয়া সেঁতুখন সম্পূৰ্ণ হৈ নুঠিল৷

পাঠশালাৰ অনুপম শৰ্মা মালিকাধীন অনুপম কনষ্ট্ৰাকশ্বনে শামুকীয়া গতিৰে নিৰ্মাণ কৰি থকাৰ বাবে ৰেল লাইনৰ দুয়ো পাৰে বসবাস কৰা ৰাইজে যাতায়াতৰ ক্ষেত্ৰত চৰম দুর্ভোগ ভুগিবলগীয়া হৈছে।

ফলত অতি শীঘ্ৰে উৰণীয়া সেঁতুখন নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কোনো লক্ষণ নেদেখি আজি ৰাইজে আধাৰশিলা স্থাপনৰ ৫ বছৰীয়া জন্মদিৱস পালন কৰে৷

এই অনুষ্ঠানত ৰাইজৰ লগতে আনোৱাৰ হুছেইন, দেৱৰাজ ছেত্ৰী আৰু ছাহজাহান আলী আহমেদে উৰণীয়া সেঁতুখনৰ নিৰ্মান কাৰ্য সম্পন্ন কৰাৰ বাবে দাবী জনায়।

Leave A Reply