Breaking

লামডিঙত কীৰ্তন পাঠ কৰি অভিনৱ প্ৰতিবাদ বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাৰ বিৰুদ্ধে

0 2,019

সমগ্ৰ বিশ্বৰ লগতে লামডিঙতো প্ৰতিবাদ বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাৰ বিৰুদ্ধে হোজাই জিলাৰ অন্তৰ্গত ৰেল নগৰী লামডিঙ চিলড্ৰেন পাৰ্কত  ইস্কন মন্দিৰৰ উদোগত কীৰ্তন পাঠ কৰি অভিনব মাধ্যমত প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়। বাংলাদেশত হিন্দুৰ ওপৰত হোবা অমানৱীয় অত্যাচাৰ বিৰুদ্ধে আজি বিশ্বৰ 150 খন দেশৰ লগতে লামডিঙ চহৰৰ মাজ মজিয়াত থকা চিলড্ৰেন পাৰ্কত ইস্কন মন্দিৰৰ লগতে কেইবাটাও হিন্দুত্ববাদী সংগঠনে সাব্যস্ত কৰিলে কীৰ্তনৰ মাধ্যমত তীব্ৰ প্ৰতিবাদ৷ উল্লেখযোগ্য যে লামডিং চহৰত কেইবা শতাধিক ৰাইজ ওলাই আহি সাৱস্ত কৰিলে তীব্ৰ প্ৰতিবাদ৷ প্ৰতিবাদৰ মজিতে হুংকাৰ প্ৰদান কৰি কয় যে আমাৰ আন্দোলন চলি থাকিব যেতিয়ালৈ হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ নহব আৰু  তেতিয়ালৈকে এই আন্দোলন চলি থাকিব।

Leave A Reply