Breaking

পুৱতি নিশাৰ পৰাই দৰঙ্গামেলাৰ পাগলা বাবা শিৱ মন্দিৰত অগণন ভক্তৰ ভিৰ…

0 1,539

দৰঙ্গামেলা পাগলা বাবা শিৱমন্দিৰত দশম বাৰ্ষিক মাহজোৰা বল বম শাওণ মহোৎসৱৰ আজি চতুৰ্থ সোমবাৰত অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হয়।তামুলপুৰ জিলাৰ ভাৰত- ভূটান সীমান্তৰ দৰঙ্গামেলাত অৱস্থিত ঐতিহাসিক পাগলা বাবা শিৱ মন্দিৰত ১৩ আগষ্টৰ পৰা মাহজোৰা বল বম শাওণ মহোৎসৱ আৰম্ভ হৈছিল।

আজি পুৱা ৪ বজাত ভক্তৰ বাবে মন্দিৰৰ দ্বাৰ খুলি দিয়াৰ পিছতে ভক্ত সকলে শাৰী পাতি পাগলা বাবাৰ ওচৰত জল অভিষেক কৰি নিজৰ মনোকামনা নিবেদন কৰে।অহা ১৭ আগষ্ট লৈ চলিবলগীয়া মাহজোৰা বল বম শাওণ মহোৎসৱৰ কাৰ্যসূচীত বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োৰ উপৰিও অসম মন্ত্ৰী সভাৰ কেবাগৰীও মন্ত্ৰী, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আদিও উপস্থিত থকাৰ কথা।

Leave A Reply