Breaking

চাপানালা চম্পাৱতী জলপ্ৰপাতৰ মহাকুণ্ডমেলাত অগণন ভক্তৰ সমাগম…

0 49

দুদিনীয়াকৈ অনুষ্ঠিত হোৱা চাপানালা চম্পাৱতী জলপ্ৰপাতৰ মহাকুণ্ডমেলাৰ প্ৰথম দিনটোত অগণন ভক্তপ্ৰাণ লোকৰ সমাবেশ হয়। বিশেষকৈ বিয়লিৰ ভাগলৈ স্থানীয় আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা লোকৰ সমাগমে এক উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে সৰস্বতী পূজাৰ পিছদিনা অৰ্থাৎ মাঘী সপ্তমী তিথিত স্নান কৰিলে পূণ্য অৰ্জন হয় বুলি থকা লোকবিশ্বাসৰ বাবে এই জলপ্ৰপাতত আজিৰ দিনটোত প্ৰত্যেক বছৰৰ দৰে এই বছৰো যথেষ্ট সংখ্যক ভক্তপ্ৰাণ লোকৰ সমাগম হয়।

এই কুণ্ডমেলা উদযাপনৰ বাবে গঠন হোৱা উদযাপন সমিতিয়ে ভক্তপ্ৰাণ ৰাইজৰ সুবিধা হোৱাকৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিলেও তিনিটা ভাগত বিভক্ত জলপ্ৰপাতটো পৰিদৰ্শন কৰিবৰ বাবে পাহাৰৰ ওপৰলৈ উঠি যোৱাৰ কোনো পথ বা চিৰি নথকাৰ বাবে ভক্তপ্ৰাণ ৰাইজৰ সৰহ সংখ্যকেই প্ৰাকৃতিক পৰিবেশ বা জলপ্ৰপাতটোৰ মূল অংশ চোৱাৰ পৰা বঞ্চিত হ’ব লগা হয়। এই ক্ষেত্ৰত চৰকাৰৰ পৰ্য্যটন বিভাগে জলপ্ৰপাতটোৰ সকলো দৃশ্য উপভোগ কৰিব পৰাকৈ নিৰ্মাণ কৰি দিলে ভবিষ্যতে কুণ্ডমেলা কেইদিনৰ উপৰিও বছৰৰ সকলো সময়তে প্ৰকৃতিপ্ৰেমীৰ আগমন ঘটিব।ইফালে এই মেলাস্থলীত বনভোজ খাব পৰাকৈ উপযুক্ত পৰিবেশ থকাৰ বাবে নৱেম্বৰ মাহৰ পৰা মাৰ্চ মাহ পৰ্যন্ত বনভোজ দলৰ সমাগম হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ স্থলী হৈ পৰিছে চাপানালাৰ চম্পাৱতী জলপ্ৰপাত।

Leave A Reply