Breaking

শিলচৰত অসমীয়া ভাষাক অপমান: মাজবাট থানাত এজাহাৰ দাখিল কেইবাটাও জাতীয় সংগঠনৰ

0 2,046

শিলচৰ ৰে’ল ষ্টেচনত আৰু শিলচৰ আই এচ বি টি চৌহদত প্ৰৱেশ কৰি শিলচৰৰ দুটা তথাকথিত বাঙালী সংগঠন বি ডি ৱাই এফ আৰু সদৌ বাঙালী যুৱ-ছাত্ৰ সংস্থাৰ কিছুসংখ্যক  নেতা – কৰ্মীয়ে অসমীয়া ভাষাত লিখা জলজীৱন মিছনৰ চৰকাৰী ফলকত  ক’লা ৰং সানি ‘ বাঙালী লিখুন ‘ বুলি  লিখি  অসমীয়া ভাষাক অপমান কৰা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে এতিয়া ৰাজ্যৰ দল-সংগঠন। এই লৈ ২০অক্টোবৰত  ওদালগুৰি জিলাৰ মাজবাট  আৰক্ষী থানাত বি ডি ৱাই এফৰ উপদেষ্টা প্ৰদীপ দত্ত ৰায় আৰু সদৌ অসম বাঙালী যুৱ-ছাত্র সংস্থাৰ নেতা সমৰ দেৱ আৰু ৰাজু দাসৰ বিৰুদ্ধে পৃথকে পৃথকে দুখন এজাহাৰ দাখিল কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাজবাট আঞ্চলিক সমিতি ,  মাজবাট শতদল সাহিত্য সভা, সদৌ অসম কোছ-ৰাজবংশী সন্মিলনী মাজবাট আঞ্চলিক সমিতি আৰু সদৌ অসম ছাত্ৰ সন্থা মাজবাট আঞ্চলিক সমিতিয়ে। সংগঠন কেইটাৰ নেতৃবৰ্গই মাজবাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ হাতত দাখিল কৰা এজাহাৰত দুখনত উল্লেখ কৰে যে শিলচৰৰ তথাকথিত বাঙালী সংগঠন বি ডি ৱাই এফৰ উপদেষ্টা প্ৰদীপ দত্ত ৰায় আৰু সদৌ অসম বাঙালী যুৱ-ছাত্র সংস্থাৰ নেতা সমৰ দেৱ আৰু ৰাজু দাসৰ নেতৃত্বত সংগঠন দুটাৰ একাংশ নেতা কৰ্মীয়ে শিলচৰ ৰে’ল ষ্টেচন আৰু শিলচৰৰ আই এচ বি টিৰ চৌহদত প্ৰবেশ কৰি অসমীয়া ভাষাত লিখা চৰকাৰৰ জলজীৱন  মিছনৰ ফলক সমূহত ক’লা ৰং সানি ‘বাঙালী লিখুন’ বুলি যি দুষ্কৰ্ম সংঘটিত যি ধৰণেৰে অসমীয়া ভাষা আৰু বৃহত্তৰ অসমীয়া জাতিক অপমান কৰিলে ই কেতিয়াও গ্ৰহণ যোগ্য নহয়। সংগঠন দুটাৰ নেতৃত্বই অসমতে অসমীয়া ভাষাটোক অপমান কৰি অসমীয়া সমগ্ৰ অসমীয়া জাতিক ধৰি নানান গালি-গালাজেৰে  অসমত বসবাস কৰা অসমীয়া আৰু বাঙালীৰ মাজত থকা শান্তি- সম্প্ৰীতি বিনষ্ট কৰিছে। লগতে এই দুষ্কৰ্মৰ জৰিয়তে প্ৰদীপ দত্ত ৰায় , সমৰ দেৱ আৰু ৰাজু দাসে দুয়োটা ভাষীক সম্প্ৰদায়ৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ কু- চক্ৰান্ত ৰচনা কৰা বুলিও এজাহাৰত উল্লেখ কৰে। এজাহাৰ দাখিল কৰা সংগঠন সমূহৰ নেতৃত্বই অতি শীঘ্ৰে উক্ত পদকীয়া তিনিওজনৰ লগতে এই চক্ৰান্তৰ লগত জৰিত অইন দুষ্কৃতিকাৰী সকলকো কাৰায়ত্ব কৰি ৰাজ্যত যাতে এই ঘটনাকলৈ কোনো ধৰনৰ আইনগত পৰিস্থিতিৰ উদভৱ নহয় তাৰ বাবে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে। 

Leave A Reply