Breaking

জুবিন গাৰ্গক চূড়ান্ত অপমান অৰুণাচল প্ৰশাসনৰ

0 2,043

অসমৰ একেবাৰে পূব প্ৰান্তৰ তিনিচুকীয়া জিলাৰ ডিৰাক অঞ্চলত পাহাৰীয়া খৰশ্ৰুতা নদী ন-দিহিঙৰ বুকুত অঞ্চলটোৰ ৰাইজৰ একক প্ৰচেষ্টাত নিৰ্মাণ কৰি উলিয়াইছিল ৪৯০ মিটাৰ দৈঘ্যৰ এখন বাঁহৰ দলং ৷ দলঙখনৰ নাম দিছিল জুবিন গাৰ্গ দলং ৷ চৰকাৰৰ বঞ্চনা আৰু অৱহেলাৰ বলি হোৱা অঞ্চলটোৰ ৰাইজে নিজৰ গাঁঠিৰ ধন খৰছ কৰি শ্ৰমদানেৰে নিৰ্মান কৰিছে উলিয়াইছে সীমান্ত টেঙাপানী গাঁও সংযোগী এই দলংখন  ৷ ১৯৯২ চনত অহা এক প্ৰলয়ংকাৰী বানে সীমান্ত টেঙাপানী গাঁৱক বিচিন্ন কৰি দিছিল অসম সংস্পৰ্শ ভূখণ্ডৰ পৰা ৷ তেতিয়াৰে পৰা চামিল হৈ পৰিছিল অৰুণাচলৰ ভূখণ্ডৰ সতে ৷ কিন্তু সকলো কাম কাজ অসম সৈতে, ভোটাধিকাৰো অসমতে । সেই ফলস্বৰূপে তেওঁলোকে নাপাই অৰুণাচল চৰকাৰৰ পৰাও কোনোধৰণৰ সা-সুবিধা । ক্ৰমে অৱহেলিত হৈ পৰিল অসম চৰকাৰৰ পৰাও ৷ দিনক দিনে গাঁওখনে চৰকাৰৰ সা-সুবিধা, পঞ্চায়তি সুবিধা আদিৰ পৰা বঞ্চিত হবলৈ ধৰিলে ৷ বৰ্তমান ১০৩ টা ঘৰ থকা এই গাঁৱৰ জনসংখ্যা ৭৪৯ জন ভোটাৰৰ সংখ্যা ২৮৩ জন ৷  কিন্তু বিগত ২৯ বছৰে ইয়াৰ জনসাধাৰণে বিপদ সংকুলভাবে যাতায়ত কৰি আহিছে  টুলোঙা নাৱেৰে ৷ প্ৰতি বছৰে ভৰ বাৰিষা বহুদিনৰ ধৰি গাঁওখন  সংযোগ বিছিন্ন হৈ পৰে বহি: জগতৰ লগত ৷ কিন্তু কাণ সাৰ নাই চৰকাৰৰ ৷ অৱশেষত ১নং সৰুডিৰাক গাঁৱৰ এজন সচেতন যুৱক বুলবুল মাউটৰ পৰিকল্পনাত এই খৰশ্ৰুতা নদীখনৰ উপৰত ৰাইজে এখন দলং নিৰ্মানৰ সপোন দেখিলে ৷ এক সহমতত উপনিত হৈ গঁঞা ৰাইজৰ শ্ৰম আৰু দান বৰঙণিৰে নিৰ্মান কৰা সেতুখন সম্পূৰ্ণ হোৱাৰ পাছত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব গৰাকীয়ে নিজে আহি উদ্ধোধন কৰাৰ কথা আছিল যদিও মুৰকত শাৰীৰিক অসুস্থতাৰ বাবে সেইয়া হৈ নুঠিল ৷ সীমান্তৰ টেঙাপানীবাসীৰ শ্ৰম আৰু আৰ্থিক অনুদানেৰে নিৰ্মিত সেতুখন আছিল গাঁৱবাসীৰ আশাৰ সেতু। স্থানীয় ৰাইজে বাৰিষাৰ সময়ত টেঙাপানীৰ বাবে দেখা দিয়া এই সমস্যা সমাধানৰ বাবে পথ সমূহ উন্নয়নৰ লগতে বিজ্ঞানসন্মতভাৱে এখন দলং নিৰ্মান কৰিবলৈ অসম চৰকাৰক আহ্বান জনাইছে। স্মতব্য যে, লকডাউনৰ গইনা লৈ বিগত বৰ্ষৰ ১৬ এপ্ৰিল তাৰিখে অসমৰ প্ৰশাসন, গাঁওবাসীক কোনো ধৰণৰ জাননী প্ৰদান নকৰাকৈ অৰুণাচল আৰক্ষীয়ে গুণ্ডাবাহিনী লগত লৈ অসমৰ মাটিত আহি দলঙখন এটা অংশ কাটি নদীত উটুৱাই দি চূড়ান্তভাৱে অপমান কৰিছিল নৱ প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ লগতে সীমান্তৱৰ্তী অঞ্চলটোৰ ৰাইজক। ৰাইজৰ হেঁচাত আৰু অসম চৰকাৰৰ হস্তক্ষেপত অৰুণাচল চৰকাৰে লকডাউন খোলাৰ পিচত সেতুখন পুনৰ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু লকডাউন খোলাৰ পিছতো আজি পৰ্যন্ত কোনো ধৰণৰ দলঙৰ কাম আৰম্ভ কৰা দেখা নগল ?  ৰাজহুৱা সম্পত্তি ধ্বংস কৰিবলৈ অৰুণাচল প্ৰশাসনে কত অধিকাৰ পালে সেয়া এক ডাঙৰ প্ৰশ্ন? ইয়াক লৈ কিবা আইনী ব্যৱস্থা গ্ৰহণ কৰা হল নে ? তাক লৈ এতিয়া ৰাইজৰ মাজত সৰৱ চৰ্চা চলা পৰিলক্ষিত হয় ।   এই ক্ষেত্ৰত অসম প্ৰশাসনে অনাগত দিনত কেনেধৰণৰ প্ৰদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ’ব । হ’বনে এতিয়া সকলোৰে আশাৰ দলঙখন  ?

Leave A Reply