Breaking

হাটশিঙিমাৰীত আন্তৰাষ্ট্ৰীয় ড্ৰাগছ মুক্ত দিৱস পালন

0 2,034

আজি আন্তৰাষ্ট্ৰীয় ড্ৰাগছ মুক্ত দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষীয়ে আজি দুপৰীয়া জিলা খনৰ ৰামভোলা পাৰা হেলিপেটত আন্তৰাষ্ট্ৰীয় ড্ৰাগছ মুক্ত দিৱস পালন কৰে। প্ৰায় ৬ লাখ টকাৰ ড্ৰাগছ জুইত ভষ্মীভূত কৰি উক্ত আন্তৰাষ্ট্ৰীয় ড্ৰাগছ মুক্ত দিৱস পালন কৰে আৰক্ষীয়ে। উক্ত দিৱস পালনত জিলা খনৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱাল, অতিৰিক্ত আৰক্ষী অধীক্ষক সত্যৰঞ্জন শইকীয়া, জিলা খনৰ বিভিন্ন থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সকলোৰ লগতে আবকাৰী বিভাগৰ উপ-অধীক্ষকৰ ৰিপ্ৰেজেণ্টেটিভ ৰাকিবুল ইছলাম আৰু চিকিৎসক ছামছুল হক উপস্থিত থাকে।

উক্ত দিৱসৰ লগত সংগতি ৰাখি সৰ্বসাধাৰণ ৰাইজক ড্ৰাগছ সেৱনৰ পৰা বিৰোধ থাকিবলৈ আহ্বান জনাই এনেদৰে মন্তব্য প্ৰকাশ কৰে জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সনোৱালে।

মানকাচৰৰ পৰা আশিক ইকবাল হোচেইনৰ ৰিপ’ৰ্ট

Leave A Reply