Breaking

বোকাখাতত কৃষি আৰু উদ্যান শস্য বিষয়ক আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ আয়োজন

0 2,050

অহা ২১ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈকে বোকাখাতত তিনি দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া “ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনী, ২০২১ ত আন্তঃৰাষ্ট্ৰীয় ভাৰ্চুৱেল অংশগ্ৰহণ ” শীৰ্ষক প্ৰদৰ্শনীৰ প্ৰস্তুতি সন্দৰ্ভত বিষদভাবে আলোচনা কৰিবৰ বাবে এখনি জৰুৰী সভা যোৱা ১০ জানুৱাৰীত বোকাখাত মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। অসম চৰকাৰৰ কৃষি, পশুপালন, পশু চিকিৎসা, খাদ্য সংশাধন ও উদ্যান শস্য বিভাগৰ মাননীয় মন্ত্রী অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত তিনিদিনীয়া কৈ অনুষ্ঠিত হবলগীয়া উক্ত অনুষ্ঠানৰ আয়োজনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰা হয়। উল্লেখ্য যে তিনি দিনীয়া ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰদৰ্শনীত দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উদ্যমী কৃষক সকলে যোগদান কৰিব। আনহাতে চুবুৰীয়া ৰাষ্ট্ৰ যেনে ভিয়েটনাম, মালয়েচিয়াকে ধৰি আন কেইবাখনো দেশৰ প্ৰতিনিধিয়ে এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰদৰ্শনীত যোগদান কৰিব। উদ্যোগতা সকলে আশা কৰিছে যে, এই “ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনী, ২০২১ ত আন্তঃৰাষ্ট্ৰীয় ভাৰ্চুৱেল অংশগ্ৰহণ” শীর্ষক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰদৰ্শনী খনে অসমৰ কৃষি ক্ষেত্রখনৰ লগত জড়িত সকলো কৃষকক  উৎসাহিত কৰাৰ লগতে অসমৰ কৃষি ক্ষেত্রখনত এক অন্যান্য মাত্রা প্ৰদান কৰিবলৈ সক্ষম হব। এই তিনি দিনীয়া প্ৰদৰ্শনীত উদ্যমী কৃষক সকলে উৎপাদিত সামগ্রীৰ প্ৰদৰ্শনী কৰাৰ সুযোগ পোৱাৰ লগতে এই ক্ষেত্রত অনুষ্ঠিত হবলগীয়া প্ৰতিযোগিতাত অংশগ্রহণ কৰিব পাৰিব। কৃষি বিশেষজ্ঞ তথা কৃষি বিজ্ঞানী, কৃষি ক্ষেত্রত সফলতা লাভ কৰিবলৈ সক্ষম হোৱাৰ ব্যক্তি সকলৰ উপস্থিতিত অনুষ্ঠিত প্ৰশিক্ষণ তথা আলোচনা চক্র সমূহতো কৃষক সকলে অংশগ্রহণ কৰাৰ সুযোগ লাভ কৰিব। উল্লেখ্য যে, এই প্ৰদৰ্শনীত অসমৰ বিভিন্ন প্ৰান্তৰ উঠি অহা উদ্যোমী যুৱ কৃষকসকলৰ  নিজ নিজ অনুভৱ ব্যক্ত কৰাৰ বাবে যথোচিত এখনি মঞ্চ প্ৰদানৰো ব্যবস্থা কৰা হ’ব। মাননীয় কৃষি মন্ত্রী অতুল বৰাই কৃষি, উদ্যান শস্য, খাদ্য সংশাধন তথা পশু পালনৰ জৰিয়তে স্বাৱলম্বীতাৰ পথ প্ৰশস্ত কৰিবলৈ সক্ষম হোৱা সকলোকে প্ৰদৰ্শনীখনত অংশগ্রহণ কৰি সমগ্র অনুষ্ঠানটো সাফল্য মণ্ডিত কৰি তুলিবলৈ আহ্বান জনাইছে। এই ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰদৰ্শনীখনে যাতে অসমৰ শিক্ষিত যুৱক যুৱতী সকলক কৃষি পশুপালনৰ ক্ষেত্রখনৰ জৰিয়তে আত্মনিৰ্ভশীল হবলৈ উৎসাহিত কৰে, এই ক্ষেত্ৰত বিশেষ ভাবে গুৰুত্ব প্ৰদান কৰিবলৈ কৃষি মন্ত্রী গৰাকীয়ে পৰামৰ্শ দিয়ে।

Leave A Reply