Breaking

আই পি এল’ত আজি পাঞ্জাৱ বনাম ৰাজস্থান, চেন্নাইৰ হাতত পৰাস্ত কলকতা

0 41

দৈনন্দিন বাৰ্তা সেৱাঃ আই পি এল’ত আজি পাঞ্জাৱৰ মুখামুখি হ’ব ৰাজস্থান।  চলিত বৰ্ষত পাঞ্জাৱে ১২ খন খেলৰ ৬ খনত জয়ী হৈ পইন্ট তালিকাত ৪ নম্বৰত থকাৰ বিপৰীতে ৰাজস্থানে ১২ খন খেলৰ ৫ খনত জয়ী হৈ পইন্ট তালিকাৰ ৭ নম্বৰত স্থানত অৱস্থান কৰিছে।

আজি দুয়োটা দলৰ বাবে খেলখন যথেষ্ঠ গুৰুত্বপূৰ্ণ বুলি ক্ৰিকেট সমালোচক সকলে সদৰি কৰিছে কাৰণ জয়লাভ কৰিব পাৰিলে প্লে অফলৈ উত্তীৰ্ণ হোৱাৰ আশা কৰিব পাৰি।আজিৰ পাঞ্জাৱ বনাম ৰাজস্থান খেলখন আবু ধাবীৰ খেল পথাৰত সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷ আনহাতে চেন্নাই বনাম কলকতা খেলখনত চেন্নায়ে ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰে।

চেন্নাইৰ জয় লাভৰ পিছতে মুম্বাই ইণ্ডিয়ানছ আই পি এল ২০২০ৰ প্লে অফলৈ উত্তীৰ্ণ হোৱা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে।কলকতাই প্ৰথমে বেটিং কৰিবলৈ আহি নিতিশ ৰানাৰ ৬১ বলত ৮৭, সুভম গিল ১৭ বলত ২৬ আৰু দিনেশ কাৰ্তিকৰ ১০ বলত ২১ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ১৭২ কৰিবলৈ সক্ষম হয়।

আনহাতে ১৭৩ ৰানৰ লক্ষ্যৰ পিছলৈ চেন্নায়ে ৰিটুৰাজৰ ৫৩ টা বলত ৭২, আম্বাতি ৰায়দুৰ ২০ টা বলত ৩৮ ৰান আৰু ৰবীন্দ্ৰ জাদেযাৰ ১১ টা বলত ৩১ ৰানৰ সহায়ত চেন্নায়ে জয় লাভ কৰি নিজৰ সন্মান ৰক্ষা কৰে। খেল খনত বৰুন চক্ৰৱৰ্তীয়ে ৪ অভাৰত মাত্ৰ ২০ ৰান দি দুটাকৈ উইকেট দখলেৰে প্ৰশংসনীয় খেল প্ৰদৰ্শন কৰে।

Leave A Reply