Breaking

চেন্নাই ছুপাৰ কিংছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মাজত অনুষ্ঠিত হ’ব IPLৰ ষষ্ঠখন খেল। কোনটো জল জয়ী হোৱাৰ সম্ভাৱনা…

0 66

আই পি এল ২০২৩ৰ ষষ্ঠখন খেলত চেন্নাই ছুপাৰ কিংছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মাজত অনুষ্ঠিত হ’ব, য’ত চেন্নাইয়ে দীৰ্ঘদিনীয়া ব্যৱধানৰ অন্তত নিজৰ ঘৰুৱা খেলপথাৰত খেলিব। মেচখনত চেন্নাই ছুপাৰ কিংছ (চি এছ কে) আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ (এল এছ জি)ৰ দলৰ মাজত মুখামুখি হ’ব। দুয়োটা দলৰ মাজত এই খেলখন চেন্নাই দলৰ ঘৰুৱা খেলপথাৰ এম এত অনুষ্ঠিত হ’ব। এই ছিজনত এতিয়ালৈকে দুয়োটা দলে ১-১ মেচ খেলিছে, য’ত চেন্নাই ছুপাৰ কিংছে গুজৰাটৰ বিৰুদ্ধে ৫ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল, আনহাতে দিল্লীৰ বিৰুদ্ধে খেলত লক্ষ্ণৌৱে একপক্ষীয়ভাৱে জয়লাভ কৰিছিল। আই পি এলৰ ইতিহাসত মাত্ৰ এবাৰহে মুখামুখি হৈছে চেন্নাই ছুপাৰ কিংছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছ। যোৱা ছিজনত ব্ৰাবৰ্ণ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত চেন্নাইৰ বিৰুদ্ধে লক্ষ্ণৌ দলে ৬ উইকেটত জয়লাভ কৰিছিল।

দীৰ্ঘদিন পিছত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হৈছে আই পি এল মেচ। ইয়াত এতিয়ালৈকে খেলা আই পি এলৰ ৬৭খন মেচৰ ভিতৰত প্ৰথমে বেটিং কৰা দলটোৱে ৪১ বাৰ মেচখন জয় কৰাৰ বিপৰীতে লক্ষ্য লোৱা দলটোৱে মাত্ৰ ২৬ বাৰহে মেচখন জয় কৰিবলৈ সক্ষম হৈছে।

মহেন্দ্ৰ সিং ধোনিৰ অধিনায়কত্বত চেন্নাই ছুপাৰ কিংছৰ দলটোৱে ঘৰুৱা খেলপথাৰত এক বৃহৎ অভিলেখ লাভ কৰিছে। ইয়াত এতিয়ালৈকে ৫৬খন মেচৰ ভিতৰত ৪০খন মেচত জয়লাভ কৰাৰ বিপৰীতে মাত্ৰ ১৬খন মেচতে পৰাজয়ৰ সন্মুখীন হৈছে। এই মেচখন ধোনিৰ বাবেও অতি বিশেষ হ’ব পাৰে, য’ত তেওঁ যদি ৮ ৰান কৰিবলৈ সক্ষম হয় তেন্তে তেওঁ আই পি এলত ৫,০০০ ৰান সম্পূৰ্ণ কৰা ৭ম খেলুৱৈ হিচাপে পৰিগণিত হ’ব।

Leave A Reply