Breaking

দায়িত্বজ্ঞানহীন মৰিগাঁওৰ শিক্ষা বিভাগ

0 2,271

মৰিগাঁৱত অনুষ্ঠিত কৰা ছমহীয়া পৰীক্ষাৰ পুনৰ প্ৰশ্ন কাকত ফাদিল। পৰীক্ষাৰ আগদিনা WhatsApp ত বিয়পি পৰিল প্ৰশ্ন কাকত। অকমন্যতাৰ বহিঃপ্ৰকাশ মৰিগাঁও শিক্ষা বিভাগৰ। মৰিগাঁও শিক্ষা বিভাগৰ অকমন্যতাৰ বাবে অবাঞ্চিত পৰিস্থিতিৰ  আৰু মানসিক হাৰাশাস্তিৰ সন্মুখীন শিক্ষাৰ্থীৰ।জিলা শিক্ষা বিভাগে ছমহীয়া পৰীক্ষা অনুষ্ঠিত কৰিছিল যদিও মৰিগাঁও শিক্ষা বিভাগৰ কৰ্মচাৰীৰ চৰম ব্যৰ্থতাৰ বাবে সপ্তাহটোৰ ভিতৰতে দুবাৰকৈ সমাজ বিজ্ঞান আৰু সাধাৰণ বিজ্ঞানৰ পৰীক্ষা প্ৰশ্ন ফাদিল হোৱাত পৰীক্ষা বাতিল হয়। পৰীক্ষা আৰম্ভ হোৱাৰ এঘন্টাৰ পিছতে বন্ধ কৰিলে মৰিগাঁৱৰ শিক্ষা বিভাগে। বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ  পিছত শিক্ষাৰ্থীৰ মাজত সৃষ্টি হৈছে এক অবাঞ্চিত আৰু অনাকাংক্ষিত পৰিস্থিতি। মৰিগাঁও জিলা ছাত্ৰ সংস্থাৰ লগতে ছাত্ৰ ছাত্ৰীৰ অভিভাৱক সকলে মৰিগাঁওৰ শিক্ষা বিভাগৰ এনে কাণ্ডক গৰিহণা দিয়ে। লগতে উপযুক্ত তদন্ত কৰি দুখীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাই বিভিন্ন মহলে। আনহাতে মৰিগাঁও জিলা উপায়ুক্তই উক্ত প্ৰশ্ন কাকত ফাদিলৰ ঘটনাক দণ্ডাধীশৰ দ্বাৰা তদন্ত কৰাই থকাৰ কথা প্ৰকাশ কৰে। উপায়ুক্ত গৰাকীয়ে জনায় যে প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ আৰক্ষীয়ে নিজাববীয়াকৈ তদন্ত চলাই আছে।

Leave A Reply