Breaking

আত্মহত্যাই শেষ পথ নেকি ?

0 1,299

✍ভুপেশ খাটনিয়াৰ

আত্মহত্যাকে কিয় শেষ পথ হিচাপে লয়। আত্মহত্যাৰ দ্বাৰা যিকোনো জটিল পথৰ সমাধান নহয়। কেতিয়াওতো কোনো  সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ শুদ্ধ পথ হ’ব নোৱাৰে? মানুহৰ জীৱনত উত্থান-পতন, ঘাট-প্ৰতিঘাট, সুখ-দুখ  থাকিবই। এয়াইতো জীবন। সংগ্ৰাম থাকিবই। প্ৰতিজন দায়িত্বশীল  ব্যক্তিয়েই এই সংগ্ৰামত অৱতীৰ্ণ হয় আৰু জীবন যুদ্ধখন আগবঢ়াই নিয়ে। বৰ্তমান সময়ত দিনক দিনে সমাজত বৃদ্ধি পাইছে আত্মহত্যাৰ দৰে কঠিন প্ৰৱণতা। কি প্ৰেমৰ বাবেই হওঁক বা জীবনৰ সফলতাৰ দৌৰাত্মৰ বাবেই হওঁক। সংগ্ৰামৰ অন্য এক নামেইতো হৈছে ‘জীৱন’। এই পথত যুঁজ দি আমি আগুৱাই যাব লাগিব। বৰ্তমান সময়ত  পৰিৱেশবোৰ  আমাৰো যথেষ্টভাৱে  সলনি হৈছে। কিন্তু আমি হতাশ হ’ব নালাগিব। ঋণাত্মক চিন্তা ত্যাগ কৰিব লাগিব  জীৱন যুঁজত জয়ী হ’বলৈ। আহক আমি সকলোৱে ধনাত্মক চিন্তাৰে জীবন যুঁজত ব্ৰতী হৈ আগবাঢ়ো আহক। 

Leave A Reply