Breaking

গৰমত চিলিং ফেনখন বেয়া হৈছে নেকি? নতুন এখন কিনাৰ আগতে ৫টা কথা মনত ৰাখিব…

0 40

বৰ্তমান সময়ত ফেনৰ লগতে এচিৰ চাহিদাও বৃদ্ধি পাইছে। কিন্তু ফেন কিনাৰ সময়ত কিছু কথা মনত ৰাখিলে ভাল। ঘৰত এতিয়া এয়াৰ কণ্ডিচনাৰ একমাত্ৰ আৰামৰ উৎস। বাহিৰৰ পৰা আহি ঘৰৰ ঠাণ্ডা কোঠাটোত প্ৰৱেশ কৰিলেহে শান্তি পোৱা যায়। কিন্তু বহুতে ঘৰত এচি ব্যৱহাৰ নকৰে। প্ৰায় লোকেই মূৰৰ ওপৰত ঘূৰি থকা ফেনখনৰ তলতে ঠাণ্ডা বতাহত শান্তি বিচাৰে। সেয়েহে যদি কাৰোবাৰ গৰমত চিলিং ফেন খন বেয়া হৈছে তেন্তে নতুন এখন ফেন কিনাৰ সময়ত কিছু কথা মনত ৰাখিব-


ফেন কিনিবলৈ যোৱাৰ আগতে বাজেট ঠিক কৰি ল’ব। বজাৰত বিভিন্ন দামৰ ফেন উপলব্ধ। কম দামৰ অৰ্থ এইটো নহয় যে ফেনৰ মানদণ্ড বেয়া হ’ব। উচ্চ মূল্যৰ ফেনখনে বেছি বতাহ দিব যে তাৰো কোনো ঠিক নাই। গতিকে ফেন কিনাৰ আগতে ফেনখন চলাই পৰীক্ষা কৰিব।

ফেন কিনাৰ গুৰুত্বপূৰ্ণ কাৰকটো হ’ল ইয়াৰ আকাৰ। কোঠা অনুযায়ী সঠিক আকাৰৰ ফেন কিনাটো জৰুৰী। যদি আপুনি কোঠাটোৰ আকাৰৰ লগত মিল থকা ফেন কিনিব নোৱাৰে তেন্তে বতাহো বাল নহ’ব।

বজাৰত ফেনৰ অভাৱ নাই। কিন্তু কোনটো কোম্পানীক বিশ্বাস কৰিব সেইটো নিৰ্ণয় কৰিব লাগিব। ৰঙীন বিজ্ঞাপনত সম্পূৰ্ণ বিশ্বাস নকৰিব। প্ৰয়োজন হ’লে আপুনি যিখন দোকানৰ পৰা কিনিছে সেইখন দোকানৰ পৰাই জানিব পাৰিব, কোনটো কোম্পানীৰ চাহিদা বেছি।

বহুতে ভাবে যে ফেনৰ পাখি(ব্লেড) যিমানেই দীঘল হয় সিমানেই বতাহ ভাল হয়। এই ধাৰণা ভুল। অধিক পাখি থকা ফেন কিনিলেও অধিক খৰচ হ’ব। দীঘল ফেনৰ ব্লেডে শব্দ হ্ৰাস কৰে। কিন্তু ব্লেড বেছি হ’লে বতাহও কমকৈ বিয়পি পৰে।

এখন ফেন কেৱল আৰামৰ বাবে নহয়। কোঠাটোৰ সৌন্দৰ্য্য বৃদ্ধিতো ফেনে ভূমিকা পালন কৰে। গতিকে কোঠাটোৰ ৰঙৰ লগত মিল থকা ফেন কিনি লওক। ন’হলে ভাল দেখা নাযাব।


Leave A Reply