Breaking

মণিপুৰৰ হিংসাঃ মোডী চৰকাৰে গুৰুত্ব দিব পৰাকৈ”মূলসুঁতি”ৰ বিষয় নহয় নেকি?

0 78

তীব্ৰ জাতিগত উত্তেজনাত জ্বলি আছে মণিপুৰ৷ তথাপিও পুনৰ বিষয়টো একাষৰীয়া কৰি ৰাখিছে আজি আমেৰিকা ভ্ৰমণলৈ ৰাওনা হোৱা প্ৰধানমন্ত্ৰীয়ে। আনহাতে, নিৰ্বাচনী প্ৰচাৰত ব্যস্ত কেন্দ্ৰীয় গৃহমন্ত্ৰী।

ৰাজ্য চৰকাৰৰ ওপৰত মণিপুৰত নাগৰিকৰ আস্থা ক্ৰমান্বয়ে কমি অহাত জনসাধাৰণে নিজৰ জীৱনৰ বাবে চিন্তিত হৈ পৰিছে।

বিড়ম্বনাৰ কথাটো হ’ল ঠিক যেতিয়া দেশৰ এটা প্ৰান্তৰ নাগৰিকে সহায়ৰ বাবে চিঞৰিছে আৰু নিজৰ চৰকাৰৰ ওপৰত আস্থা হেৰুৱাইছে, তেতিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম তথাকথিত “ঐতিহাসিক” ৰাজ্যিক ভ্ৰমণলৈ ৰাওনা হৈছে আমেৰিকালৈ; ভাৰত-আমেৰিকাৰ প্ৰতিৰক্ষা আলোচনাৰ বাবে!

অহা বছৰৰ লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিবলৈ সাজু হৈছে গৃহমন্ত্ৰী অমিত শ্বাহে। ২৩ জুনত তেওঁ মেগা ৰেলী অনুষ্ঠিত কৰিব।এই সকলোবোৰৰ বিপৰীতে মণিপুৰত কেন্দ্ৰৰ তৎকালীন মনোযোগ আৰু গুৰুতৰ হস্তক্ষেপৰ প্ৰয়োজন।

মণিপুৰৰ স্পৰ্শকাতৰ পৰিস্থিতিৰ তীব্ৰতাই যিকোনো সময়তে সাধাৰণ নাগৰিকৰ গণধ্বংসী ৰূপ ধাৰণ কৰিব পাৰে, ইতিমধ্যে প্ৰতিটো সংঘৰ্ষৰ লগে লগে হতাহতৰ সংখ্যা বৃদ্ধি পোৱাৰ বাতৰি পোৱা যায়। চৰকাৰে নিজৰ নাগৰিকৰ কথা শুনাৰ সময় আহি পৰিছে। কিন্তু তেওঁলোকে গুৰুত্ব দিব কেতিয়া ?

Leave A Reply