Breaking

শীতকালত নিশা সঘনে প্ৰস্ৰাৱ কৰাৰ হেতু আপোনাৰ টোপনি বাধাগ্ৰস্ত হৈছে নেকি ? কিয় হৈছে জানক…

0 64

নিশা সঘনে প্ৰস্ৰাৱ কৰাৰ হেতু আপোনাৰ টোপনি বাধাগ্ৰস্ত হৈছে নেকি? যদি হৈছে, আপুনি কেতবোৰ পদক্ষেপ ল’ব লাগিব। অন্যথা সাধাৰণ স্বাস্থ্যৰ অৱনতি ঘটিব, ৰক্তচাপ বৃদ্ধি হ’ব, ডায়েবেতিছ ৰোগ হ’ব, বোধশক্তি হ্ৰাস পাব। পুৰুষৰ মদন গ্ৰন্থি, মহিলাৰ ইষ্ট্ৰ’জেনৰ মাত্ৰা হ্ৰাস, ডায়েবেটিছ আদিয়ে নিশা বাৰম্বাৰ প্ৰস্ৰাৱ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি কৰে। তেনেকুৱা হ’লে শুবলৈ যোৱাৰ আগতে দুঘন্টামান ভৰি দুখন ওপৰলৈ তুলি ৰাখিব। তেনে কৰিলে শোৱাৰ আগতে অধিক প্ৰস্ৰাৱ হ’ব আৰু নিশা বাৰম্বাৰ প্ৰস্ৰাৱ কৰিবলৈ যাবলগীয়া নহ’ব। অৱশ্যে নিশা বাৰম্বাৰ প্ৰস্ৰাৱ হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

আপোনাৰ শয্যাসংগীৰ যদি নিশা শ্বাসৰোধ(Steep Apnoea) হৈ নাকৰ ঘোৰঘোৰণি হয়, তেতিয়াও টোপনিত ব্যাঘাত জন্মে। এনেকুৱা হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব। সম্প্ৰতি নাকৰ ঘোৰঘোৰণি বন্ধ কৰাৰ বাবে এবিধ যন্ত্ৰ উপলব্ধ হৈছে। চিকিৎসকৰ পৰামৰ্শ লৈ সেই যন্ত্ৰ ব্যৱহাৰ কৰিব পাৰে। তদুপৰি ওপৰলৈ মুখ কৰি নুশুই, কাতি হৈ শুলেও নাকৰ ঘোৰঘোৰণিৰপৰা কিছু পৰিত্ৰাণ পাব পাৰি। যোগাভ্যাস আৰু ধ্যান কৰিলে ষ্ট্ৰেছ হ্ৰাস হয়, স্নায়ুৰন্ধ্ৰ প্ৰশমিত হয়, অন্তঃস্ৰায়ী হৰম’ন প্ৰক্ৰিয়া সন্তুলিত হয় আৰু নিশা গভীৰ টোপনি হয়। এইক্ষেত্ৰত অভিজ্ঞ যোগ শিক্ষকৰ সহায় ল’ব পাৰে।

দিনটো আৱেগিক সন্তুষ্টিৰ মাজেৰে পাৰ হৈছে নে নাই, তাৰ ওপৰতো গভীৰ নিদ্ৰা নিৰ্ভৰ কৰে। আপুনি যদি পৰিয়ালবৰ্গ আৰু বন্ধুবৰ্গৰপৰা অকলশৰীয়া অনুভৱ কৰে, তেতিয়াও টোপনিৰ মাত্ৰা কম হ’ব পাৰে। অস্থিৰতা অনুভৱ কৰিব পাৰে আৰু বিচনাত পৰি ইচাট-বিচাট কৰি থাকিব পাৰে। গতিকে পৰিয়ালবৰ্গৰ সৈতে, বন্ধুবৰ্গৰ সৈতে যোগমূত্ৰ ৰক্ষা কৰক, কায়িকভাৱে নহ’লেও ফোনযোগে যোগাযোগ স্থাপন কৰক। তৎসত্ত্বেও যদি আপুনি নিসংগ অনুভৱ কৰে, তেনেহ’লে মনোবিদৰ পৰামৰ্শ(counselling) লোৱাৰ প্ৰয়োজন হ’ব পাৰে।

খাদ্যয়ো টোপনিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। নিশা কম পৰিমাণে আহাৰ খাব। খাদ্যত ‘ট্ৰীপ্ট’কেন’যুক্ত প্ৰ’টিন অধিক পৰিমাণে থাকিব লাগে। কুকুৰাৰ মাংস, দৈ মাছ আদি খাদ্যত এনে প্ৰ’টিন যথেষ্ট পৰিমাণে থাকে। খাদ্যত পৰ্যাপ্ত কাৰ্ব’হাইড্ৰেট থাকিব লাগে। তাতো ‘ট্ৰীপ্ট’কেন’ থাকে, বিশেষকৈ ভাত, আলু(সিজোৱা) আদিত। এই দ্ৰব্যই বিশ্ৰামত সহায় কৰে। তদুপৰি আহাৰ একঘেঁহীয়া হ’ব নালাগে। প্ৰতিদিনে বিভিন্ন জুতিৰ আহাৰ খাব। লক্ষ্য কৰিব, আহাৰ যাতে সন্তুলিত হয়। নিশা অধিক মদ্যপান নকৰিব। মদ্যপানে পাকস্থলীৰ এচিডৰ মাত্ৰা বৃদ্ধি কৰাৰ উপৰি প্ৰস্ৰাৱৰ মাত্ৰা বৃদ্ধি কৰে। আহাৰ খোৱাৰ পিছত নিশা যদি ভোক লাগে, তেনেহ’লে জাঁইফল, আলমণ্ড, আখৰোট আদি ফল খাব পাৰে।

শোৱনি কোঠাৰ তাপমান নিয়ন্ত্ৰিত হ’ব লাগে। শুবৰ সময়ত কোঠাৰ তাপমান ১৮ ডিগ্ৰী চেন্টিগ্ৰেডৰপৰা ২০ ডিগ্ৰী চেন্টিগ্ৰেডৰ ভিতৰত হ’লে গভীৰ নিদ্ৰাত সহায়ক হয়। তদুপৰি শুবলৈ যোৱাৰ আগতে কুহুমীয়া পানীৰে স্নান কৰিলে ভাল টোপনি হয়।

নিশা গভীৰ নিদ্ৰা হোৱাৰ ব্যৱস্থা কৰক, স্বাস্থ্য ভালে ৰাখক।

Leave A Reply