Breaking

ইছৰোৰ যুৱ বিজ্ঞানী কাৰ্যসূচী YUVIKAৰ বাবে নিৰ্বাচিত তিনিচুকীয়া ছাত্ৰ

0 96

অসমৰ বাবে এক গৌৰৱৰ মুহূৰ্ত৷ তিনিচুকীয়া কেন্দ্ৰীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ অংগৰাগ বৰকাকটি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ দ্বাৰা আয়োজিত সন্মানীয় “যুৱ বিজ্ঞানী কাৰ্যসূচী” YUVIKA ৰ বাবে নিৰ্বাচিত হৈছে।

এই কাৰ্যসূচীৰ লক্ষ্য হৈছে মহাকাশ প্ৰযুক্তি, মহাকাশ বিজ্ঞান, আৰু মহাকাশ প্ৰয়োগৰ মৌলিক জ্ঞান প্ৰদান কৰি নৱ প্ৰজন্মক মহাকাশ কাৰ্যকলাপৰ প্ৰতি আগ্ৰহ জগাই তোলা। সমগ্ৰ দেশৰ পৰা মুঠ ৩৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক এই কাৰ্যসূচীৰ বাবে নিৰ্বাচিত কৰা হৈছে; আৰু ইয়াৰে অন্যতম অংগৰাগ বৰকাকটি।

তেওঁৰ বাছনিৰ খবৰে তেওঁৰ পৰিয়াল, বিদ্যালয়, আৰু সমগ্ৰ তিনিচুকীয়া জিলালৈ অপৰিসীম আনন্দ কঢ়িয়াই আনিছে। কেন্দ্ৰীয় বিদ্যালয় তিনিচুকীয়াৰ অধ্যক্ষ সুৰজিৎ সিঙে ছাত্ৰগৰাকীৰ এই সাফল্যত গৌৰৱ প্ৰকাশ কৰি কয় যে ইছৰোৰ উদ্যোগত আয়োজিত যুৱ বিজ্ঞানী কাৰ্যসূচীৰ বাবে আমাৰ ছাত্ৰজনক নিৰ্বাচিত কৰাটো আমাৰ বাবে গৌৰৱৰ বিষয়।

তিনিচুকীয়াৰ অতিৰিক্ত জিলা উপাযুক্ত মঞ্জীত বৰকাকটি আৰু স্বপ্নালী বৰকাকটিৰ পুত্ৰ অংগৰাগ বৰকাকটি। ১৪ মে’ৰ পৰা ২৭ মে’লৈ বেংগালুৰুৰ ইউ আৰ ৰাও চেটেলাইট চেণ্টাৰত অনুষ্ঠিত হ’বলগীয়া প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

মহাকাশ প্ৰযুক্তিবিদ্যাৰ শেহতীয়া উন্নয়ন আৰু উন্নতিৰ বিষয়ে জানিবলৈ আৰু এই ক্ষেত্ৰখনত কেৰিয়াৰ গঢ়াৰ বাবে অনুপ্ৰাণিত কৰিবলৈ দেশৰ নৱ-মন-মগজুক এক সুযোগ প্ৰদান কৰে। সৰু চহৰ-নগৰৰ ছাত্ৰ-ছাত্ৰীৰ অপৰিসীম সম্ভাৱনা আৰু প্ৰতিভাৰ স্বীকৃতিও YUVIKA প্ৰদান কৰে।

Leave A Reply