Breaking

অসমৰ কৃষিভূমি শ্ৰেণী পৰিৱৰ্তনৰ নীতি বাতিলৰ দাবীত অসম জাতীয়তা যুৱ-ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ প্ৰদান ।

0 1,631

কলিয়াবৰ : অসমৰ খিলঞ্জীয়ৰ অধিকাৰ আৰু জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল’গানেৰে অসমৰ ক্ষমতা দখল কৰা ভাজপা নেতৃত্বধীন চৰকাৰখনৰ এটাৰ পিছত এটাকৈ লোৱা হঠকাৰী সিদ্ধান্তই অসমৰ অস্তিত্ব বিপদাপন্ন কৰি আহিছে। সেই হঠকাৰী সিদ্ধান্তসমূহৰ শেহতীয়া সংযোজন হ’ল – অসমৰ কৃষিভূমি শ্ৰেণী পৰিৱৰ্তনৰ নীতি। অসমৰ খিলঞ্জীয়া-ভূমিপুত্ৰসকলৰ ভূমি বনিয়াই হস্তগত কৰিব পৰাকৈ অসম চৰকাৰৰ সৰ্বনাশী নীতিৰ বিৰুদ্ধে অসমৰ জনগণে সৰৱ প্ৰতিবাদ সাব‍্যস্ত কৰিছে। চৰকাৰৰ এই জাতিদ্ৰোহী নীতিৰ বিৰুদ্ধে কলিয়াবৰতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। যোৱা শুকুৰবাৰে এক স্মাৰক পত্ৰ যোগে এই জাতিদ্ৰোহী আইন বাতিলৰ দাবী তুলিলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিয়ে। অসম চৰকাৰে কৌশলপূৰ্ণভাৱে বনিক শ্ৰেণীক কৃষিভূমি উদ‍্যোগ প্ৰতিষ্ঠাৰ নামত ৰঙা দলিচা পাৰি দিয়া কাৰ্য‍্যক তীব্ৰ বিৰোধিতা কৰাৰ লগতে এই আইন বাতিল নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে। ৰাজ‍্যৰ মুখ‍্যমন্ত্ৰীলৈ প্ৰৰণ কৰা স্মাৰকপত্ৰখনত অধ‍্যাদেশখন খিলঞ্জীয়াক নিঃশেষ কৰাৰ চক্ৰান্ত বুলি অভিহিত কৰে সংগঠনটোৱে। কলিয়াবৰ জিলা শাখাৰ সভাপতি প্ৰদীপ লস্কৰ আৰু সম্পাদক দিপুমণি বৰা স্বাক্ষৰিত স্মাৰক পত্ৰখন কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি কাৰ্য‍্যালয়ত সহকাৰী অতিৰিক্ত আয়ুক্তক আনুষ্ঠানিকভাৱে অৰ্পন কৰে সমিতিৰ বিষয়ববীয়াই।

Leave A Reply