Breaking

মানালিৰ পৰা লেহলৈ ৪ ঘণ্টা সময় কমিল : ১০ হাজাৰ ফুট ওপৰেৰে বিশ্বৰ দীৰ্ঘতম সুৰংগ নিৰ্মাণ

0 1,372

দৈনন্দিন বাৰ্তা ডেস্ক : ১০ হাজাৰ ফুট ওপৰেৰে বিশ্বৰ দীৰ্ঘতম সুৰংগ নিৰ্মাণ কৰা হ’ল ৷ মানালিৰ পৰা লেহলৈ পাবলৈ ৰাস্তাৰ ওপৰেৰে নিৰ্মাণ কৰা হয় এই ৯.০২ কিলোমিটাৰ সুৰংগ ৷ উল্লেখ্য যে নিৰ্মাণ আৰম্ভৰ সময়ত কোৱা হৈছিল যে এই সুৰংগ নিৰ্মাণৰ শেষ হ’বলৈ ছবছৰ লাগিব ৷ কিন্তু কাম শেষ হ’ল ১০ বছৰত ৷ যিকোনো ঋতুতেই এই সুৰংগৰে যাত্ৰা কৰিব পৰা যাব ৷ উল্লেখ্য যে বহু বিশেষত্বৰে ভৰা এই সুৰংগ ৷ এই সুৰংগটো নিৰ্মাণৰ ফলত মানালিৰ পৰা লেহ যাবলৈ আগতকৈ চাৰি ঘণ্টা কম সময় লাগিব ৷ ৰাস্তাৰ মুঠ দৈৰ্ঘ্যৰ ৪৬ কিলোমিটাৰ কম হ’ল ৷ সুৰংগত জুই লাগিলে যাতে কোনো বিপদত নপৰে তাৰ বাবে ভিতৰত অগ্নিনির্বাপক যন্ত্ৰৰ ব্যৱস্থা কৰা হৈছে ৷ উল্লেখ্য যে এই ৰাস্তাটো ১০.‌৫ মিটাৰ বহল ৷ ৰাস্তাৰ দুয়োপাৰে আছে এক মিটাৰৰ খোজ কঢ়া অংশ ৷ আনহাতে প্ৰতি ৬০ মিটাৰৰ অন্তৰত চিচিটিভি লগোৱা হৈছে ৷ আপদকালীন পৰিস্থিতিত সুৰংগৰ পৰা বাহিৰ হ’বলৈ পথ আছে প্ৰতি ৫০০ মিটাৰৰ অন্তৰত ৷

Leave A Reply