Breaking

শেষ মুহূৰ্তত সকলো শেষ! চন্দ্ৰপৃষ্ঠত ধ্বংসপ্ৰাপ্ত হ’ল ৰাছিয়াই প্ৰেৰণ কৰা যান লুনা ২৫ৰ…

0 108

শেষ মুহূৰ্তত শেষ হৈ গ’ল সকলো আশা। এইবাৰো ৰাছিয়াই সপোন পূৰণ কৰিব নোৱাৰিলে। চন্দ্ৰ অভিযানৰ বাবে ৰাছিয়াই চন্দ্ৰলৈ প্ৰেৰণ কৰা মহাকাশযান লুনা ২৫ চন্দ্ৰপৃষ্ঠত ধ্বংসপ্ৰাপ্ত হোৱাৰ খবৰে বিশ্বাসীক ব্যথিত কৰি তুলিছে।জানিব পৰা মতে ৰাছিয়াৰ চন্দ্ৰ লুনা ২৫ যান খনৰ প্ৰপালচন কৌশল বিচ্যুতিৰ বাবে চন্দ্ৰপৃষ্ঠৰ সৈতে সংঘৰ্ষত পতিত হয়। ফলত যান খন ধ্বংসপ্ৰাপ্ত হোৱাটো প্ৰায় নিশ্চিত হৈছে। ৰাছিয়াৰ মহাকাশ গৱেষণা সংস্থাই দেওবাৰে ঘোষণা কৰিছে যে লুনা ২৫ মিছন বিষয়ৰ প্ৰাথমিক বিশ্লেষণে সূচাইছে যে প্ৰপালচন কৌশলৰ বিসংগতিৰ বাবে মহাকাশযানখন এক অনাকাংক্ষিত পথত সোমাই পৰে।

ফলত চন্দ্ৰপৃষ্ঠৰ সৈতে ইয়াৰ সংঘৰ্ষ হয় আৰু যান খনৰ ক্ষতি হয়। মস্কোৰ স্থানীয় সময় অনুসৰি প্ৰায় ১৪:৫৭ বজাত লুনা-২৫ৰ সৈতে যোগাযোগ ব্যাহত হৈছিল। ৰছকছমছ ষ্টেট স্পেচ কৰ্পোৰেশ্যনে ইয়াৰ অফিচিয়েল টেলিগ্ৰাম চেনেলত কয় যে যান খনৰ সন্ধান পোৱাটো এতিয়া কঠিন হৈ পৰিছে। মহাকাশ সংস্থাটোৱে লগতে কয় যে প্ৰাথমিক বিশ্লেষণৰ ফলাফল অনুসৰি চন্দ্ৰপৃষ্ঠৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত যান খন ধ্বংসপ্ৰাপ্ত হৈ অস্তিত্বহীন হৈ পৰিছে। উল্লেখ্য কিছুদিন পূৰ্বে ৰাছিয়াৰ যান খনে চন্দ্ৰপৃষ্ঠৰ ছবি প্ৰেৰণ কৰিছিল। ১০ আগষ্টত ৰাছিয়াই যান খন চন্দ্ৰ অভিমুখে প্ৰেৰণ কৰিছিল।যান খনে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ কথা আছিল।

Leave A Reply