Breaking

‘সমাজ সংস্কাৰৰ দ্বায়িত্ব কেৱল সাংবাদিক সকলৰেই নহয়’- ড° কুমুদ দাস

0 78

“সমাজৰ প্ৰতিটো সমস্যা অসুয়া-অপ্ৰীতি দূৰ কৰাৰ ক্ষেত্ৰত অকল সাংবাদিকসকলেই পহৰা দি থাকিব লগা হৈছে৷এই দ্বায়িত্ব অকল সাংবাদিকৰেই নহয়। সমাজৰ প্ৰতিজন নাগৰিকেই এই সামাজিক ব্যধিবোৰৰ ক্ষেত্ৰত সচেতন হ’ব লাগিব।“এই মন্তব্য বিশিষ্ট সাংবাদিক তথা লেখক ড° কুমুদ দাসৰ।যোৱ ২৯ নৱেম্বৰত ৰঙিয়াৰ ৰণ্‌দিয়া ‘শতদল’ সাহিত্য সভাৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজিত সতীৰ্থৰ অন্তৰঙ্গ অনুষ্ঠানৰ বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰি সাংবাদিক দাসে আৰু কয় যে বৰ্তমান সময়ত সংবাদসেৱা কৰি নিজৰ লগতে পৰিয়ালৰ পোহপাল দিয়া ইমান সহজ কথা নহয়। মুষ্টিমেয় কেইজনমান সাংবাদিকৰ বাহিৰে অধিকাংশ সাংবাদিকৰেই আৰ্থিক অৱস্থা অতি পুতৌজনক।একেটা অনুষ্ঠানতে আমন্ত্ৰিত অতিথি হিচাবে সংবাদকৰ্মী ঋতুস্মিণ শৰ্মাই কয় যে সমাগত দিনত প্ৰযুক্তিৰ অধিক পৰিবৰ্তনে সংবাদজগততো এক আমুল পৰিবৰ্তন সাধিবলৈ গৈ আছে।যিসকলে এই পৰিৱৰ্তনৰ লগত নিজক খাপ খুৱাই আগবাঢ়িব তেওঁলোকৰ বাবে এনে সুযোগে প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিব বুলি ভৱিষ্যতবাণী কৰে আগশাৰীৰ সাংবাদিক শৰ্মাই।ৰঙিয়াৰ মুৰাৰাৰ  পূৱ ৰঙিয়া প্ৰগতি সংঘত আয়োজিত গীত মাত কবিতা আবৃত্তি তথা অভিনয় আদিৰে ভৰপুৰ অনুষ্ঠানটিত প্ৰাণ খুলি কথা বতৰা পাতে উপস্থিত সকলো সাহিত্যানুৰাগীয়ে ৷

শাখাটিৰ সভাপতি প্ৰতুল ভূঞাঁৰ দ্বাৰা অসম সাহিত্য সভাৰ পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ দিনযোৰা কাৰ্যসূচী আৰম্ভ কৰাৰ লগতে প্ৰথিতযশা সাহিত্যিক গৱেশক পণ্ডিত মামনি ৰয়চম গোস্বামীৰ স্মৃতিচাৰণ কৰে পংকজ কুমাৰ শৰ্মাই ৷সম্পাদক হেমন্ত কলিতা আৰু উজ্জ্বল ডেকাই আঁত ধৰা অনুষ্ঠানটিত প্ৰতিষ্ঠিত কবি শোভন কুমাৰ মেধি,আৰিফুৰ ৰহমান,উজ্জ্বল ডেকা, মামনি লহকৰ, পাৰ্থপ্ৰতীম শৰ্মাই কবিতা আবৃত্তি,সবিতা বৰ্মন মজুমদাৰে অনুগল্প পাঠ, বিমলা দেৱী,নৱ কুমাৰ ডেকা,নিয়ৰ পৰশ,প্ৰভাত নাথৰ গীত মাত,বিশিষ্ট অভিনেতা,পৰিচালক পংকজ পল্লৱ শৰ্মাৰ অভিনয়,জয়ন্ত জিত কলিতা,মনালিছা গোস্বামী,অৰুণ বড়ো, ৰীতা পাচনী,সৃষ্টি ভাৰদ্বাজ,ধুহি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জেচিমুদ্দিন আহমেদ,মুকুল ভূঞা, অধিবক্তা উৎপল ভূঞা, ডিম্বেশ্বৰ কলিতা, ধ্ৰুৱজ্যোতি কলিতা, স্মৃতিৰেখা দাস, দিপাংকৰ বাবু কলিতাৰ অনুভৱ প্ৰকাশে অধিক প্ৰাণৱন্ত আৰু মনোগ্ৰাহী কৰি তোলে।আন এজন আমন্ত্ৰিত অতিথি ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীকো উক্ত অনুষ্ঠানত সম্বৰ্দ্ধনা জনাই ৰণ্‌দিয়াৰ কৰ্মকৰ্ত্তাসকলে ৷অনুষ্ঠানটিৰ আন এটি গুৰুত্বপূৰ্ণ অংশ আছিল ৰঙিয়াৰ স্থানীয় সংবাদসেৱী সকলৰ তৰফৰ পৰা ড° কুমুদ দাস আৰু ঋতুস্মিণ শৰ্মাৰ মাজত হোৱা প্ৰশ্নোত্তৰ শিতান।ইয়াত অংশগ্ৰহণ কৰা সাংবাদিকবৃন্দ আছিল নছিউৰ ৰহমান,হানিফ আলি,চৈয়দ মোস্তাফা আহমেদ,অংকুৰ কলিতা, তৃষ্ণা দাস,খাইৰুল হুছেইন,হেমেন কলিতা , চামচুল হক,মইনুল হক, ইমতাজ আলী প্ৰমুখ্যে বহুকেইজন সাহিত্যানুৰাগীয়ে।

অন্তৰঙ্গ অনুষ্ঠানৰ আৰম্ভণিতে অতিথি ড° কুমুদ দাস,ঋতুস্মিণ শৰ্মা আৰু উপস্থিত সংবাদসেৱী সকলক ক্ৰমে প্ৰতীক সম্বলিত গামোচা,প্ৰতিষ্ঠা দিৱসৰ প্ৰতীকাত্মক স্মাৰক, মানপত্ৰ আৰু মুখপত্ৰ “ৰণ্‌দিয়া“ৰে আদৰণি সম্ভাষণ জনাই ৰণ্‌দিয়াৰ কৰ্মকৰ্ত্তাসকলক৷ অনুষ্ঠানটিত কামৰূপ জিলা সাহিত্য সভাৰ সোনালী জয়ন্তী হালোগাওঁ অধিবেশনত সদ্য স্বীকৃতিপ্ৰাপ্ত জিলাৰ শ্ৰেষ্ঠ সংগঠক তথা ৰণ্‌দিয়া ’শতদল’ সাহিত্য সভাৰ সম্পাদক হেমন্ত কলিতাক শাখাটিৰ তৰফৰ হৈ সভাপতি প্ৰতুল ভূঞাঁই ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনাই আৰু শলাগৰ শৰাই আগবঢ়াই ৷হেমন্ত কলিতাই উক্ত সন্মান সতীৰ্থসকলৰ নামত উচৰ্গিত কৰে৷ উক্ত অনুষ্ঠানত বহুকেইজন আজীৱন সভ্যক অসম সাহিত্য সভাৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়৷

Leave A Reply