Breaking

এতিয়া হৈছে কঁঠালৰ বতৰ !  কেঁচা কঁঠালেৰে কেনেকৈ আচাৰ বনাব জানক…

0 37

পোনপ্ৰথমে কঁঠালখিনি মজলীয়া জোখত কাটি কুকাৰট অলপ পানী আৰু তিনিচামুচ ভিনেগাৰ দি এটা হুইচেল দি নমাই থ’ব। এতিয়া সিজোৱা কঁঠালখিনিত নিমখ, হালধি সানি ৰ’দত ১ ঘণ্টামান শুকুৱাই ল’ব। এতিয়া সৰিয়হ, জিৰা, আদা, নহৰু আৰু কেঁচা জলকীয়া আৰু ভিনেগাৰত দি মিক্সিত পিহি ল’ব।

কেৰাহিত ২কাপ মিঠাতেল গৰম কৰি ল’ব। তেলখিনিত পাঁচফোৰণ আৰু হিঙখিনি দি দিব। লগতে মিক্সিত পিহি লোৱা মছলাখিনি দি দিব। ইয়াৰপাছত জোখমতে হালধি, চেনি আৰু জলকীয়া গুড়ি দিব।

তেঁতেলিখিনি আধা কাপ পানীত দি ইয়াৰ ৰস উলিয়াই ল’ব। এতিয়া তেঁতেলিখিনি দি দিব। লগতে নিমখখিনি দি ভালকৈ কঁঠালখিনি লৰাব। ইয়াৰ পাছত এটা বটলত ভৰাই থ’ব আৰু মাজে মাজে ৰ’ দত দি থাকিব।

Leave A Reply