Breaking

কঁঠালে প্ৰতিৰোধ কৰে বহু জটিল ৰোগ, এটা কঁঠাল গুটিৰ দাম হৈছেগৈ ১৫ টকা

0 1,743

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ কঁঠাল, কৰ’নাৰ লগতে বহু জটিল ৰোগ প্ৰতিৰোধ কৰাৰ গুণৰ বাবে এইবাৰ চৰ্চালৈ আহিছে আপোনাৰ মোৰ চিৰ পৰিচিত কঁঠাল। । বিভিন্ন গৱেষণাত প্ৰকাশ পাইছে যে, কঁঠালত থকা গুণাগুণে বৃদ্ধি কৰিব পাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা।কঁঠালত প্ৰচূৰ পৰিমাণে আছে ভিটামিন চি আৰু এণ্টি অক্সিডেণ্ট। কঁঠাল আৰু কঁঠালগুটিৰ আছে কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা। কঁঠালে দেহত উত্‍পন্ন হোৱা বিভিন্ন ক্ষতিকাৰক পদাৰ্থক নিঃশেষ কৰিব পাৰে। প্ৰচূৰ পৰিমাণে প্ৰটিনো আছে কঁঠালৰ গুটিৰ। মনকৰিবলগীয়া যে, গৱেষণাত কঁঠালৰ ইমান খিনি গুণাগুণ প্ৰমাণিত হোৱাৰ পিছতে এতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত বাঢ়িছে কঁঠালৰ চাহিদা। আন্তঃৰাষ্ট্ৰীয় বজাৰত এতিয়া মাত্ৰ এটা কঁঠাল গুটিৰ দাম হৈছেগৈ ১৫ টকা।

জ্যোতিস্মান শৰ্মা

Leave A Reply