Breaking

কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বৰ ৰহস্যজনক ভূমিকাৰ বাবেই যমুনামুখ উদ্ধাৰ কৰিব পৰা নাই কংগ্ৰেছে : মাহমুদ হুছেইন

0 2,429

ডবকা , ২৬ ডিচেম্বৰ: কংগ্ৰেছ ৰাজ্যিক নেতৃত্বৰ ৰহস্যজনক ভূমিকাৰ বাবেই বাৰে যমুনামুখ সমষ্টিত পৰাজিত হৈছে কংগ্ৰেছৰ বিধান সভাৰ প্ৰাৰ্থী। এই বিস্ফোৰক অভিযোগ বৰ্ষীয়ান কংগ্ৰেছ নেতা তথা যমুনামুখ সমষ্টিৰ প্ৰাক্তন ব্লক কংগ্ৰেছৰ সভাপতি মাহমুদ হুছেইনৰ। যমুনামুখ কংগ্ৰেছ জেষ্ঠ নেতা বসিৰ উদ্দিন লস্কৰৰ পিছত এইবাৰ ক্ষোভ উজাৰিছে জেষ্ঠ কংগ্ৰেছ মাহমুদ হুছেইনে। ডবকাত সাংবাদিকৰ সংবাদমেল আয়োজন কৰি নেতা গৰাকীয়ে আক্ষেপৰে কয় যে কংগ্ৰেছৰ প্ৰবিন আৰু জেষ্ঠ নেতা কৰ্মীৰ কোনে গুৰুত্ব নাই যমুনামুখ সমষ্টিত। বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল হান্নানক সভাপতি নিযুক্ত দিয়াটো অবৈধ হৈছে। এই অভিযোগ 40 বছৰৰ পৰা কংগ্ৰেছৰ কৰা তথা যমুনামুখ ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি মাহমুদ হুছেইনৰ। বিধান সভা নিৰ্বাচনলৈ কেবামাহ বকী আছে। কিন্তু যমুনামুখ সমষ্টিত যেন এনে হৈছে নিৰ্বাচন চলিয়েই আছে। সকলো দল সংগঠনৰ এধিকাংশ  নেতাৰ যমুনামুখ সমষ্টিৰ বিধায়ক হোৱাৰ মন। নিজ দলৰ মাজতেই চলিছে প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাত । সমষ্টিৰ জেষ্ঠ কংগ্ৰেছ নেতা  তথা যমুনামুখ সমষ্টিৰ প্ৰাক্তন ব্লক কংগ্ৰেছৰ সভাপতি মাহমুদ হুছেইনে সংবাদ মেলৰ জৰিয়তে যুৱ নেতা ৰেহান উদ্দিনৰ বিৰুদ্ধেও কৰিছে কেবাটাও বিস্ফোৰণ মন্তব্য কৰে, সাম্প্ৰতিক সময়ত যুৱ নেতা ৰেহান উদ্দিনে পুৰণি একাংশ জেষ্ঠ নেতাক গুৰুত্ব নিদিয়াকৈ চলাই গৈছে দলীয় কাম-কাজ। বিগত ৪০ বছৰৰে  পৰা কংগ্ৰেছ কৰি আহিছিল জেষ্ঠ নেতা গৰাকী। বিগত ৪০ বছৰৰে পৰা কংগ্ৰেছ কৰি অহা নেতা গৰাকী আজি নতুন কংগ্ৰেছৰী নেতা সকলৰ মাজত এলাগী হৈ পৰিছে বুলি আক্ষেপ কৰে । ক্ষোভৰ বহিৰ্প্ৰকাশ ঘটিছে যমুনামুখত। উৰ্দতম কৰ্তৃপক্ষইৰ ৰহস্যজনক ভূমিকা তথা যমুনামুখ সমষ্টিত দুৰ্বল প্ৰাৰ্থিত্ব দিয়াৰ বাবেই কংগ্ৰেছৰ বিধায়ক জয়ী হব পৰা নাই যমুনামুখত। এইবাৰ  জেষ্ঠ নেতা গৰাকীয়েও সমাগত ২১’ৰ বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্যৰাখি চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ। সমষ্টিৰ চুকে কোণে জেষ্ঠ নেতা কৰ্মীৰ সৈতে সঘনাই চলাইছে যোগাযোগ। বৰ্ষীয়ান নেতা গৰাকীৰ মতে অসমত AIUDF য়ে সংখ্যালঘু ভোটাৰক হেয় প্ৰতিপন্ন কৰি ৰাখিছে।জেষ্ঠ নেতা গৰাকীয়ে এইবাৰ টিকট পালে ২১’ৰ বিধান সভা নিৰ্বাচনত প্ৰতিদদ্বিতা কৰিবলৈ সাঁজু বুলিও উল্লেখ কৰাৰ লগতে জয়ী হব পাৰিব বুলিও কয়। 

Leave A Reply