Breaking

৬৬ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছৰ সাতোৰ প্ৰতিযোগিতাত গোলাঘাটৰ জনঞ্জয়ে গঢ়িলে দুটাকৈ ৰেকৰ্ড…

0 88

৬৬ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছৰ সাতোৰ প্ৰতিযোগিতাত গোলাঘাটৰ জনঞ্জয়ে গঢ়িলে দুটাকৈ ৰেকৰ্ড ; গোলাঘাট চুইমিং কেন্দ্ৰত আনন্দৰ জোৱাৰ :

৬ জুনৰ পৰা দিল্লীত অনুষ্ঠিত হৈ থকা ৬৬ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছ ২০২২-২৩ ৰ সাতোৰ প্ৰতিযোগিতাত গোলাঘাট জিলা সাতোৰ প্ৰশিক্ষণ কেন্দ্ৰৰ নিয়মীয়া প্ৰশিক্ষাৰ্থী জনঞ্জয় জ্যোতি হাজৰিকাই ৫০ মিটাৰ বাটাৰফ্লাই ( ২৫:৩২) আৰু ১০০ মিটাৰ বাটাৰফ্লাই ( ৫৬:৪৬) ত সোণৰ পদক অৰ্জন কৰাৰ লগতে পূৰ্বৰ ৰেকৰ্ড ভাঙিবলৈ সক্ষম হয় । গোলাঘাট জিলা সাতোৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষক জ্যোতি বসুমতাৰীৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা জনঞ্জয়ৰ এই সাফল্যত গোলাঘাটৰ ক্ৰীড়াপ্ৰেমীৰ লগতে সাতোৰ প্ৰশিক্ষণ কেন্দ্ৰত আনন্দৰ জোৱাৰ উঠিছে ।

জনঞ্জয়ৰ সাফল্যত আনন্দিত প্ৰশিক্ষক বসুমতাৰীয়ে খেলুৱৈজনৰ এই প্ৰাপ্তিত সন্তোষ প্ৰকাশ কৰাৰ লগতে এই ধাৰা অব্যাহত ৰখাৰ আশা কৰে । গোলাঘাটৰ চান্দমাৰী নিৱাসী গুণকান্ত হাজৰিকা আৰু দেবী হাজৰিকাৰ সুযোগ্য সন্তান জনঞ্জয় গোলাঘাটৰ আগশাৰীৰ শিক্ষানুষ্ঠান বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ একাদশ শ্ৰেণীত অধ্যয়ন কৰি আছে ।

খেলৰ সমান্তৰালকৈ পঢ়া-শুনাও সুন্দৰকৈ আগবঢ়াই নিয়া জনঞ্জয়ৰ এই খবৰে বিদ্যালয়খনতো এক আনন্দমুখৰ পৰিবেশ সৃষ্টি কৰিছে । একেদৰে গোলাঘাট জিলা সাতোৰ কেন্দ্ৰৰ জয়যাত্ৰাক অধিক তৰান্বিত কৰাত কেন্দ্ৰটোৰ তত্বাবধায়কৰ দায়িত্বত থকা প্ৰিন্স বৰাই জনঞ্জয়ক অভিনন্দন জ্ঞাপন কৰাৰ লগতে গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি , সম্পাদক ক্ৰমে ডা: অজিত বৰুৱা , সঞ্জীৱ সন্দিকৈকে প্ৰমুখ্য কৰি বিভিন্ন বিভাগৰ সম্পাদক ও কৰ্ম-কৰ্তাসকলে শুভেচ্ছা জ্ঞাপন কৰে । অসমৰ দলটোৰ লগত যোৱা গোলাঘাটৰ আন চাৰিজন খেলুৱৈ হৈছে , বৈভৱ শইকীয়া , শৰ্মিষ্ঠা গগৈ , বৰ্ণিল চৌধুৰী আৰু অনুষ্কা গোস্বামী ।

Leave A Reply