Breaking

চিবিএছইৰ পাচতে এইবাৰ অসমৰ দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমত কৰ্তন : ৰাজনীতি বিজ্ঞানত বাদ পৰিল জৱাহৰলাল নেহৰু, মণ্ডল আয়োগ, অযোধ্যা

0 1,298

দৈনন্দিন বাৰ্তা ডেস্ক : কেইমাহমানৰ আগতে চিবিএছইৰ পাঠ্যক্ৰম হ্ৰাস কৰা হৈছিল ৷ এইবাৰ অসমৰ দ্বাদশ শ্ৰেণীৰ ৰাজনৈতিক বিজ্ঞানৰ পাঠ্যক্ৰমৰ পৰা বাদ পৰিল জৱাহৰলাল নেহৰু ৷ তদুপৰি পাঠ্যক্ৰমৰ পৰা বাদ পৰিছে ১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষ, অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি সমস্যা আৰু ২০০২ চনৰ গুজৰাটৰ সংঘৰ্ষ ৷ অৱশ্যে ইয়াৰ পাচত কোনো ৰাজনৈতিক কাৰণ নাই বুলি দাবী কৰিছে অসম চৰকাৰে ৷ কৰ’নাৰ বাবে শিক্ষাৰ্থী ওপৰত চাপ কমাবৰ বাবেই এই পদক্ষেপ লোৱা হৈছে ৷ অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে জনায় যে ক’ভিডৰ বাবে শিক্ষাৰ্থীৰ ওপৰৰ পৰা অযথা চাপ কমাবলৈ পাঠ্যক্রমৰ ৩০ শতাংশ কৰ্তন কৰাৰ সিদ্ধান্ত লোৱা হয় ৷ উল্লেখ্য যে কৰ’নাৰ বাবে যোৱা ছমাহ বন্ধ আছিল শিক্ষানুষ্ঠান ৷ ইপিনে পৰীক্ষাৰ সময় ওচৰ পাইছেহি ৷ সেয়ে শিক্ষাৰ্থীৰ ওপৰত চাপ কমাবলৈ পাঠ্যক্ৰম কৰ্তনৰ পথ ল’লে অসম চৰকাৰে ৷ পাঠ্যক্ৰমত ‘স্বাধীনতাৰ পৰৱৰ্তী ভাৰতীয় ৰাজনীতি’ৰ পৰা বাদ পৰিছে প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচন, ৰাষ্ট্ৰ গঠন লৈ নেহৰুৰ চিন্তাধাৰা, তেওঁৰ বিদেশ নীতি আৰু তাৰ পৰৱৰ্তী সময়ৰ ৰাজনৈতিক উত্তৰাধিকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ‘গৰিবী হাটাও’ নীতি ৷ পাঠ্যক্ৰমৰ পৰা বাদ দিয়া হৈছে মণ্ডল কমিচন ৰিপৰ্টৰ প্ৰয়োগ, ১৯৮৪ চনৰ পাঞ্জাৱ সমস্যা আৰু শিখ-বিৰোধী সংঘৰ্ষ, ইউনাইটেড ফ্রন্ট আৰু এনডিএ চৰকাৰ, ২০০৪ চনৰ লোকসভা নিৰ্বাচন আৰু ইউপিএ চৰকাৰ আৰু অযোধ্যাৰ ভূমি বিবাদ আৰু গুজৰাটৰ সংঘৰ্ষ ৷ আনকি বুৰঞ্জী আৰু ভূগোলৰ পৰা অসমৰ বদু গুৰুত্বপূৰ্ণ অধ্যায় বাদ দিয়া হৈছে ৷ উল্লেখ্য যে ২০২০-২১ শিক্ষাবর্ষৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্রমৰ পৰা কোন কোন অংশ বাদ পৰিব সেয়া নিৰ্দ্ধাৰণ কৰিছে ৰাজ্যৰ আগশাৰীৰ বিদ্যালয়ৰ বিভিন্ন বিষয়ৰ শিক্ষকক লৈ প্ৰস্তুত কৰা সমিতিয়ে ৷

Leave A Reply