Breaking

মথুৰাপুৰ কৃষিপাম গাঁৱত জয়া স্মৃতি দিৱস উদযাপন

0 68

জয়মতী জীৱনী ভিত্তিক নাট মঞ্চস্থ দিলীপ হাজৰিকা মথুৰাপুৰ ১০১ নং গ্ৰান্ট নামনি কৃষিপাম গাঁৱত মহাসতী জয়মতী স্মৃতি দিৱসটি ২৮ মাৰ্চত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় । এই উপলক্ষে উদযাপন সমিতিৰ সভাপতি ক্ষীৰোদ বৰগোহাঁয়ে পতাকা উত্তোলন কৰাৰ পাছতে স্মৃতি তৰ্পণ কৰে সম্পাদক বিবেক বৰুৱাই ৷ ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

বিয়লিলৈ সমাজকৰ্মী জীতেন ৰাজকোঁৱৰ সভাপতিত্ব অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা শিক্ষয়িত্ৰী দীপা গগৈ সন্দিকৈ, অনাতাঁৰ শিল্পী সুশীল লাহন, প্ৰধান শিক্ষক দিপাংকৰ চেতিয়া বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি মহাসতী জয়মতীৰ ত্যাগ,সাহস আৰু দেশপ্ৰেমক শ্ৰদ্ধাৰে স্মৰণ কৰে ।

উক্ত অনুষ্ঠানতে কুইজ প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক পুৰস্কাৰ প্ৰদান কৰা হয়। সন্ধিয়ালৈ মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষয়িত্ৰী মঞ্জু ৰাজকোঁৱৰ বৰুৱাই নাট মঞ্চ শুভ উদ্বোধন কৰা পিচতেই বিশিষ্ট পৰিচালক ভূপেন চেতিয়াৰ পৰিচালনাৰে মহাসতী জয়মতীৰ জীৱনীভিত্তিক এখনি পূৰ্ণাংগ নাট স্হানীয় শিল্পীসকলে মঞ্চস্থ কৰে । স্থানীয় নবীন শিল্পীসকলে অভিনয় কৰা নাটখনে উপস্থিত সহস্ৰাধিক দৰ্শকক মুহিত কৰিবলৈ সক্ষম হয় ৷ নিশালৈ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰা হয় ।

Leave A Reply