Breaking

মন্ত্ৰীৰূপে শপত ল’লে জয়ন্ত মল্লবৰুৱা আৰু নন্দিতা গাৰ্লোচাই

0 213

মন্ত্ৰীৰূপে শপত ল’লে জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচাই।দুই মন্ত্ৰীক দিলে নতুন দায়িত্ব। হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ।নতুন মন্ত্ৰী ৰূপে আজি শপত ল’লে নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু হাফলঙৰ বিধায়ক নন্দিতা গাৰ্লোচাই।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৩ বজাত আৰম্ভ হোৱা শপতগ্ৰহণ অনুষ্ঠানত চুৰিয়া-চাপকন-চেলেং লৈ জয়ন্তমল্ল বৰুৱাই শপত গ্ৰহণ কৰে৷আনহাতে পৰম্পৰাগত সাজেৰে শপত গ্ৰহণ কৰিলে নন্দিতা গাৰ্লোছাই।মুখ্য সচিব জিষ্ণু বৰুৱাই আঁত ধৰা অনুষ্ঠানত মন্ত্ৰী ৰূপে শপতবাক্য পাঠ কৰায় ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে।মুখ্যমন্ত্ৰীকে ধৰি প্ৰায়সংখ্যক মন্ত্ৰী-বিধায়কৰ উপস্থিতিত নন্দিতা গাৰ্লোছাই ইংৰাজীত আৰু জয়ন্ত মল্ল বৰুৱাই অসমীয়াত শপতবাক্য পাঠ কৰে।

উল্লেখযোগ্য যে,জয়ন্ত মল্ল বৰুৱালৈ জনস্বাস্থ্য কাৰিকৰী,দক্ষতা বিকাশ আৰু উদ্যমিতা আৰু পৰ্যটন বিভাগৰ দায়িত্ব দিয়া হৈছে।আনহাতে নন্দিতা গাৰ্লোচাক শক্তি, সমবায়, খনি আৰু খনিজ সম্পদ, খিলঞ্জীয়া তথা জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ দায়িত্ব দিয়া হৈছে।

Leave A Reply