Breaking

অসম বুক অৱ ৰেকৰ্ডত নাম সন্নিবিষ্ট হ’ল জেবিন লাইলা আহমেদৰ

0 90

অসম বুক অৱ ৰেকৰ্ডছত জেবিন লাইলা আহমেদৰ নাম সন্নিবিষ্ট হ’ল।উদীয়মান লেখিকা জেবিন লাইলা আহমেদ”  নাৰী দৰ্পণ” শীৰ্ষক প্ৰৱন্ধ পুথিৰ বাবে অসম বুক অৱ ৰেকৰ্ডত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে I এইখন হৈছে ৩ ছেণ্টিমিটাৰ দীঘল আৰু ২.৫ ছেণ্টিমিটাৰ পঠালিৰ মুঠ ১১টা প্ৰৱন্ধযুক্ত নাৰীৰ বাস্তৱ জীৱনৰ আধাৰিত এখন প্ৰৱন্ধ। পুথি খনৰ মূল বিষয় হ’ল নাৰী গৰ্ভৰ পৰা বৃদ্ধলৈ নিৰ্যাতন হৈয়ো জীয়াই থাকিবলৈ সাহস কৰা।এই কিতাপখন অসমৰ আটাইতকৈ সৰু কিতাপ ৰূপে অসম বুক অৱ ৰেকৰ্ড কৰ্তৃপক্ষই স্বীকৃতি প্ৰদান কৰিছে। জেবিন লাইলা আহমেদ গুৱাহাটী জ্যোতি নগৰ নিবাসী অঞ্জুমা বেগম আৰু জাকিৰ আহমেদৰ কন্যা।এই ৰেকৰ্ড সম্পৰ্কীয় সবিশেষ তথ্য ইতিমধ্যেই অসম বুক অৱ ৰেকৰ্ডৰ ৱেবছাইট www.assambookofrecords.in ত উপলব্ধ হৈছে I

Leave A Reply