Breaking

ভ্ৰাম্যমাণ জগতৰ অন্যতম তাৰকা জীৱেশ্বৰ ডেকা আৰু নাই

0 1,363

দৈনন্দিন বাৰ্তা ডেস্ক : অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ অন্যতম জনপ্ৰিয় অভিনেতা জীৱেশ্বৰ ডেকা আৰু নাই । দেওবাৰে নিশা ১১ বাজি ৪০ মিনিটত ইহলীলা সম্বৰণ কৰিলে একালৰ দুৰন্ত তাৰকা জীৱেশ্বৰ ডেকাই। শনিবাৰে নিশা নলবাৰী জিলাৰ বেলশৰৰ ডেকাপাৰাত থকা নিজ বাসগৃহত শিল্পীগৰাকী হৃদৰোগত আক্ৰান্ত হৈ অসুস্থ হৈ পৰাত ততাতৈয়াকৈ তেওঁক নলবাৰীৰ ‘সাৰথি হাস্পতাল’ত ভৰ্ত্তি কৰোৱা হয়। স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিকিৎসকে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে লৈ অহাৰ পৰামৰ্শ দিয়ে। নিশাৰ ভাগত শিল্পীগৰাকীক পৰিয়ালবৰ্গই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ আনি আইচিইউত  ভৰ্তি কৰোৱায়। কিন্তু আইচিইউতে অভিনেতাজনে শেষ নিশ্বাস ত্যাগ কৰে। দেহাৱসানৰ সময়ত তেখেতৰৰ বয়স হৈছিল ৭৫ বছৰ । অসমৰ ভালেসংখ্যক ভ্ৰাম্যমাণ নাট্যদলত অভিনয় কৰিছিল ডেকাই। থিয়েটাৰ ভাগ্যদেৱী, মকুন্দ থিয়েটাৰ, ৰূপৰাজ থিয়েটাৰ, আৱাহন থিয়েটাৰ, মনালিছা থিয়েটাৰ, জ্যোতিৰূপা থিয়েটাৰ, শ্ৰীগুৰু থিয়েটাৰ আদিত অভিনয় কৰি এক সুকীয়া স্থান দখল কৰিছিল জীৱেশ্বৰ ডেকাই। জীৱেশ্বৰ ডেকাৰ দ্বাৰা অভিনীত বহু উল্লেখযোগ্য নাটকৰ ভিতৰত এখন যথেষ্ট জনপ্ৰিয় নাটক আছিল থিয়েটাৰ ভাগ্যদেৱীৰ উগ্ৰ মেনা ৰচিত ‘মিলন মালা’ নাটকখন। এই নাটখনৰ জৰিয়তে অপাৰ জনপ্ৰিয়তা লাভ কৰিছিল শিল্পীগৰাকীয়ে । কেৱল ইমানেই নহয়, মহেন্দ্ৰ বৰঠাকুৰ ৰচিত দধিচী নাটখনেৰে দৰ্শকৰ হৃদয়ত সুকীয়া স্থান দখল কৰি ডেকাই লাভ কৰে ‘নটসূৰ্য ফনী শৰ্মা বঁটা’। মুনলাইট মিডিয়া বঁটা, এনাজৰী এৱাৰ্ড আদিৰে বিভূষিত জীৱেশ্বৰ ডেকাই ভবেন্দ্ৰনাথ শইকীয়া ৰচিত নাটক দীনবন্ধুৰ নাম ভুমিকাত কালজয়ী অভিনয় কৰি থৈ গৈছে। তেখেতৰ বিয়োগ ভ্ৰাম্যমাণ নাট্যজগতৰ বাবে এক অপূৰণীয় ক্ষতি ।

Leave A Reply