Breaking

সোণাপুৰত চাৰি শতাধিক শিক্ষাৰ্থীৰ অংশগ্ৰহণৰে সফল সমাপ্তি ঝুমুৰ নৃত্য আৰু ঢোল বাদন কৰ্মশালা…

0 126

চাহ জনজাতি কলা কৃষ্টি বিকাশ আৰু ক্ৰীড়া সন্থাৰ উদ্যোগত যোৱা ১৪ মাৰ্চৰ পৰা ১৮ মাৰ্চলৈ গুৱাহাটী মহানগৰীৰ নিকটৱৰ্তী সোণাপুৰৰ ট্ৰাইচেম প্ৰেক্ষাগৃহত ঝুমুৰ নৃত্য আৰু ঢোল বাদন প্ৰশিক্ষণৰ কৰ্মশালা অনুষ্ঠিত হয় । কৰ্মশালাখনৰ উদ্যোক্তা তথা চাহ জনজাতি কলা কৃষ্টি বিকাশ ও ক্ৰীড়া সন্থাৰ সভাপতি জনপ্ৰিয় কণ্ঠশিল্পী চাজন নায়ক আৰু উক্ত অনুষ্ঠানৰ সম্পাদক বিশিষ্ট সমাজকৰ্মী বাসুদেৱ তাঁতীয়ে নৱ প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীয়ে যাতে শুদ্ধ ৰূপত ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব পাৰে তাৰ বাবে এই বিশেষ কৰ্মশালাৰ আয়োজন কৰে । কৰ্মশালাখনত নগাঁও আমচৈৰ অংশগ্ৰহণকাৰীৰ লগতে কামৰূপ মহানগৰ জিলাৰ বৃহত্তৰ ডিমৰীয়া অঞ্চলৰ ক্ষেত্ৰী , হঁহৰা গোঁসাইগাঁও গুমৰীয়া সোণাপুৰ পথাৰ নৰতাপ ৰবীন গাঁও উড়ল বৰুৱাবাৰী কমাৰকুছি সোণাপুৰ বাগান ডিগাৰু কুৰকুৰীয়া ঘগুৱা কেন্দুবস্তি বামুনখাট হালধিবাৰী আমচং আদি অঞ্চলৰ প্ৰায় চাৰিশ ছাত্ৰ-ছাত্ৰীৰ লগতে ভিন্ন বয়সৰ যুৱক-যুৱতীয়ে পদ্ধতিগতভাৱে ঝুমুৰ নৃত্য আৰু ঢোল বাদনৰ প্ৰশিক্ষণ গ্ৰহণ কৰে ।

কৰ্মশালাখনত তিনিচুকীয়া জিলাৰ পৰা প্ৰশিক্ষক মকৰ সিং ভূমিজ আৰু আমিৰ কিষাণৰ নেতৃত্বত অহাএটি সাতজনীয়া প্ৰশিক্ষকৰ দলে ঝুমুৰ গীতৰ তাৎপৰ্য ,শুদ্ধ পৰিৱেশন শৈলী , ঢোল বাদনৰ লয় তালৰ বিষয়ে লিখিত আৰু ব্যৱহাৰিক দুয়োধৰণে প্ৰশিক্ষণ প্ৰদান কৰে ।প্ৰশিক্ষণৰ সামৰণিৰ অনুষ্ঠানৰ আঁত ধৰি সম্পাদক বাসুদেৱ তাঁতীয়ে কয় যে চাহ বাগিছাৰ দুশবছৰীয়া ইতিহাসত বৃহৎ পৰিসৰত একেলগে চাৰিশ অংশগ্ৰহণকাৰীক ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰা এয়েই প্ৰথম। সামৰণিৰ অনুষ্ঠানত উপস্থিত থাকি আমচং চাহ বাগিছা আদৰ্শ উচ্চ বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন গোস্বামীয়ে কয় যে বৰ্তমান তথ্য প্ৰযুক্তিৰ অবাধ ব্যৱহাৰ আৰু সস্তীয়া জনপ্ৰিয়তাৰ নামত পৰম্পৰা নৃত্য-গীত যাতে বিকৃতকৰণ নহয় তাৰ বাবে এইধৰণৰ কৰ্মশালাই সঠিক শুদ্ধ ৰূপ শিকোৱাত গুৰুত্বপূৰ্ণ ভূমিকা লব পাৰে।

অনুষ্ঠানত উপস্থিত থাকি অংশগ্ৰহণকাৰী সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ক্ৰমান্বয়ে দেৱেশ্বৰ দলৈ, তপন গগৈ লক্ষীপ্ৰসাদ গৌড়, মহেশ্বৰ দাস, হেমন্ত দাস , প্ৰিয়নাথ ডেকা,দিব্যজ্যোতি মেধি, ৰিজু নায়ক, চণ্ডিকা চাজন নায়ককে ধৰি কেইবাজনো নেতৃস্থানীয় ব্যক্তিয়ে। অনুষ্ঠানৰ অন্তত কৰ্মশালাখন সাফল্যমণ্ডিত কৰা বাবে সভিপতি তথা কণ্ঠশিল্পী চাজন নায়কে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

Leave A Reply