Breaking

ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত জিন্টু মনি ডেকাক আৰ্থিক সাহাৰ্য বাবে আহ্বান

0 53

২৩ বছৰীয়া এগৰাকী মেধাবী যুৱক, যুৱক জনৰ নাম জিন্টু মনি ডেকা। ওদালগুৰি জিলাৰ ৰৌতাৰ ঝাৰগাঁৱত ঘৰ জিন্টু মনি ডেকাৰ। ব্ৰেইন টিউমাৰৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ পিছৰে পৰা দুচকুৰে নেদেখা হ’ল জিন্টু মনিয়ে। দুয়ো চকুৰ দৃষ্টি শক্তি হেৰুৱালে জিন্টুমনিয়ে। মেধাবী যুৱক জিন্টুমনিক প্ৰয়োজন এতিয়া উন্নত চিকিৎসাৰ। তিনি বছৰ পূৰ্বে জিন্টুমনিৰ পিতৃৰ মৃত্যু হৈছে। পিতৃহাৰা জিন্টুমনিক উন্নত চিকিৎসা প্ৰদান কৰিবলৈ সমৰ্থ নাই এতিয়া জিন্টুমনিৰ অকলশৰীয়া মাতৃৰ। জিন্টুমনিৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় অৰ্থৰ যোগাৰ কৰিব নোৱাৰে দৰিদ্ৰ অকলশৰীয়া দুৰ্ভগীয়া পৰিয়াটিয়ে। পিতৃৰ মৃত্যুৰ পিছত জিন্টুমনিয়েই  ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী হিচাপে কষ্টৰে ঘৰখনৰ দায়িত্ব পালন কৰিছিল। গাড়ী চলায়, ফাৰ্মাচীত থাকি, হোটেলত কাম কৰি, টিউচন কৰি কোনোমতে ঘৰখন চলোৱাৰ লগতে একমাত্ৰ ভগ্নীৰ পঢ়া-শুনাৰ খৰচ বহন কৰিছিল জিন্টু মনিয়ে। জিন্টুমনি সৰুৰে পৰাই অতি মেধাবী আছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা স্নাতক পৰ্যায়লৈ প্ৰথম বিভাগতে উত্তীৰ্ণ হৈ আহিছে জিন্টু মনিয়ে। লোক নায়ক অমিয় কুমাৰ দাস মহাবিদ্যালৰ পৰা ২০১৯ চনত বিজ্ঞান শাখাত B.Sc পাছ কৰিছে জিন্টু মনিয়ে। মেধাবী যুৱক জিন্টুমনিৰ সপোন আছিল ভাৰতীয় সেনাবাহিনীত যোগদান কৰাৰ। জিন্টুমনিৰ সেই সপোনক বাধা দিলে দুৰাৰোগ্য ৰোগে। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ দুচকুৰ দৃষ্টি শক্তি হেৰুৱাত জিন্টুৰ ক্ৰমাৎ বাঢ়ি আহিছে স্বাস্থ্য জনিত সমস্যা। ক্ৰমাৎ প্ৰতিদিনে নেদেখা হৈছে জিন্টুৱে। জিন্টুৰ মনত দুৰ্বাৰ হেঁপাহ সুস্থ হৈ ভাল মানুহ হৈ নিজৰ লগতে গাঁৱৰ নাম উজ্জ্বল কৰিবলৈ পিছে জিন্টুক চকুৰ উন্নত চিকিৎসা কৰিবলৈ সমৰ্থ নাই এতিয়া স্বামী হাৰা মাতৃ ৰুনু ডেকাৰ। ফলত এতিয়া এই দৰিদ্ৰ পহিয়ালটোলৈ নামি আহিছে ঘোৰ অমানিশা। সেয়ে পৰিয়ালটোৰ দৰিদ্ৰ অৱস্থা আৰু মেধাবী যুৱক জিন্টুমনিৰ মুখলৈ চাই আৰ্থিক সহায়ৰ বাবে অসমবাসীৰ ওচৰত অনুৰোধ জিন্টু আৰু জিন্টুৰ অকলশৰীয়া মাতৃৰ। যিকোনো প্ৰকাৰে জিন্টুক সুস্থ কৰি পুনৰ আগৰ দৰেই এবাৰ চাব বিচৰাৰ দুৰ্বাৰ হেঁপাহ জিন্টুৰ অকলশৰীয়া দুৰ্ভগীয়া মাতৃৰ। সেয়ে মেধাবী যুৱক জিন্টুক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত হৃদয়বান লোকৰ পৰা সহায় বিচাৰি চকুলো টুকিছে জিন্টুৰ মাতৃয়ে। গুৱাহাটীত উন্নত চিকিৎসা কৰিবলৈ হাতত এতিয়া ধন নাই পৰিয়ালটোৰ৷ জিন্টুৰ চিকিৎসাৰ বাবে  আৰ্থিকভাৱে সহায় কৰিবলৈ অসম ৰাইজক অনুৰোধ জনাইছে জিন্টুৰ মাতৃয়ে ৷ জিন্টুমনি ডেকাৰ চকুৰ উন্নত চিকিৎসাৰ বাবে A/C :- 36144187635, Name- Jintu Moni Deka, IFCS CODE- SBIN0003378, State Bank Of India (Rawta Chariali Branch) শাখাত আৰ্থিক সহায় কৰিবলৈ আহ্বান জনাইছে জিন্টুৰ দুৰ্ভগীয়া পৰিয়ালটিয়ে। 8724992246,9854684011, নম্বৰত ফোন কৰিও জিন্টুৰ পৰিয়ালটিক সহায় কৰিব পাৰিব। জিন্টুৰ চকুৰ উন্নত চিকিৎসাৰ বাবে আপোনাৰ মোৰ আৰু হৃদয়বান লোকৰ কিছু আৰ্থিক সহায় লাভ কৰিলেই হ’য়তো পুনৰ দৃষ্টি শক্তি ঘুৰি আহিব মেধাবী যুৱক জিন্টুমনি ডেকাৰ।এই যুবক গৰাকী চিকিৎসা কৰাৰ বাবে প্ৰায় ১০লাখ প্ৰয়োজন  ৷ যদিও এতিয়ালৈকে কোনো বিশেষ ভাবে আৰ্থিক সাহাৰ্য আদি একোৱেই পোৱা নাই ৷  অধিকাংশই   আৰ্থিক সাহাৰ্য,অনুদান দিয়াৰ পৰিবৰ্তেকেবল আশ্বাস,দুখ প্ৰকাশ কৰি সমভাগী হোৱাহে দেখিবলৈ পোৱা গৈছে ৷ এই শিক্ষিত যুবক গৰাকী সুস্থ কৰাৰ বাবে জিন্টু মনি ডেকাৰ  বেংক একাউন্টত  দান বৰঙনি,সাহাৰ্য আদি আগবঢ়াবলৈ ওদালগুৰি জিলা সচেতন নাগৰিক সমিতিয়ে আহ্বান জনাইছে ৷

Leave A Reply