Breaking

জ্ঞানপীঠ বঁটাৰে বিভূষিত, কাব্যঋষি, নীলমণি ফুকনৰ আজি ৯০ বছৰীয়া ওপজা দিন…

0 29

জাতীয় জীৱনক ধন্য কৰা ভাষাশিল্পী, জীৱনশিল্পী, ভাৰতীয় সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ সাহিত্যিক ‘নিৰ্জনতাৰ কবি’, ‘গোলাপী জামুৰ লগ্নৰ কবি’ নীলমণি ফুকন। বিংশ শতিকাৰ পঞ্চাছৰ দশকৰ পৰা কাব্যচৰ্চা কৰি জ্ঞানপীঠকে ধৰি বিভিন্ন বঁটা-সন্মান-স্বীকৃতিৰে আত্মনাম মহীয়ান কৰা অসমীয়াৰ হৃদয়ৰ কাব্যঋষিগৰাকীৰ আজি ৯০ বছৰীয়া ওপজা দিন । ফুকনৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱনৰ কামনা কৰে মুখ্যমন্ত্ৰীয়ে ।

কাব্য-শিল্পকলা-অধ্যাপনা-সমালোচনা আদি সকলোতে ব্যুৎপত্তিমান বৰেণ্য কথাশিল্পী গৰাকীয়ে আসমীয়া ভাষা-সাহিত্য আৰু বৌদ্ধিক জগত খনক ধনাঢ্য কৰি ৰাখিছে। তেখেতৰ অনন্যোপম সৃষ্টিয়ে কথাশিল্পীৰ ক্ষেত্ৰখনক সদায়েই উজ্জ্বল কৰি ৰাখিব।

Leave A Reply