Breaking

নিয়তিৰ ওচৰত হাৰ মানিলে জৰবাই, ৬০টা চোৰাং চিকাৰীৰ সন্ধান দিয়া ‘চোৰাংচোৱা’ই চকু মুদিলে…

0 70


বিশ্বৰ সর্বাধিক এটা খড়গ থকা গড়ৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ দায়িত্ব বহন কৰিছিল জৰবাই ৷ ৰাষ্ট্ৰীয় উদ্যানখন সুৰক্ষিত কৰাৰ উদ্দেশ্যে বন,আৰক্ষী বা নিৰাপত্তাৰক্ষীৰ উপৰিও জৰবাক দিয়া হৈছিল গধুৰ দায়িত্ব। যি দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰিছিল জৰবাই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীক প্ৰতিহত কৰিবলৈ এক নতুন চিন্তাৰে ৰাজ্যখনৰ আগশাৰীৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন আৰণ্যকৰ সহযোগত বিদেশী অভিজ্ঞ প্রশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণপ্রাপ্ত জৰবাক ২০১২ চনত কাজিৰঙালৈ অনা হৈছিল।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে এটাৰ পাছত এটাকৈ গঁড় নিধন কৰি সুৰক্ষাকৰ্মীৰ নিদ্ৰাহৰণ কৰি থকাৰ সময়তে জৰবাক চোৰাং চিকাৰীৰ সন্ধান উলিয়াবলৈ দায়িত্ব দিয়া হৈছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীয়ে জৰবাৰ সহযোগত চোৰাং চিকাৰীৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছিল। এই জৰবা অলপতে বাধ্যকজনিত কাৰণত মৃত্যু হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত চোৰাং চিকাৰীৰ সন্ধান দিয়া জৰবাৰ মৃত্যুত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গভীৰ শোক প্রকাশ কৰিছে। উল্লেখ্য, জৰবা বেলজিয়াম মালিনইচ প্ৰজাতিৰ এক উন্নত প্রশিক্ষণপ্রাপ্ত স্নিফাৰ ডগ। কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানেই নহয় ৰাজ্য বা দেশৰ ভিতৰত বন্যপ্রাণী সুৰক্ষা তথা চোৰাং চিকাৰী প্ৰতিহত কৰাত স্নিফাৰ ডগ জৰবা প্রথম।

বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন আৰণ্যকে এই জৰবাক K – 9 ইউনিটত অন্তর্ভুক্ত কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ দায়িত্ব অর্পণ কৰিছিল। আৰণ্যকৰ কৰ্মী অনিল দাসৰ তত্বাৱধানত জৰবাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উপৰিও মানাহ, ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা পবিতৰা বন্যপ্রাণী অভয়াৰণ্যতো সেৱা আগবঢ়ায় ২০১৯ চনৰ ডিচেম্বৰ মাহত কৰ্তব্যৰ পৰা অৱসৰ লৈছিল। আৰণ্যকৰ সচিবপ্রধান ড° বিভৱ কুমাৰ তালুকদাৰে জানিবলৈ দিয়া মতে, জৰবাৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীক প্ৰতিহত কৰিবলৈ বন বিভাগ সফল হৈছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে গঁড় নিধন কৰি খড়গ কাটি লৈ গৈছিল। ইয়াৰ পাছত জৰবাই জীৱনৰ নিৰাপত্তাৰ কথা চিন্তা নকৰি অতি সুক্ষ্মভাৱে অনুসন্ধান চলাই দুষ্কৃতিকাৰীৰ সন্ধান দিবলৈ সক্ষম হৈছিল।

জৰবাৰ সহযোগত বন বিভাগৰ লোকে ৬০টা চোৰাং চিকাৰীৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছিল। জৰবাক ২০১৯ চনৰ ডিচেম্বৰ মাহত কৰ্তব্যৰ পৰা অৱসৰ দি আৰণ্যকৰ তত্বাৱধানত দেখ-ভাল কৰি থকা হৈছিল যদিও অলপতে মৃত্যুক সাবটি লব লগা হয়। উল্লেখ্য, জৰাবাক বন্যপ্ৰাণী চোৰাং চিকাৰীৰ সন্ধান দিয়াৰ কামত ব্যৱহাৰ কৰি সফল হোৱাৰ পাছত আৰণ্যকে বৰ্তমান ছটা স্নিফাৰ ডগ এই কামত ব্যৱহাৰ কৰি আছে। ইয়াৰে জুবি, লিয়ণ, ইমিক কাজিৰঙাত, মুস্কিক পবিতৰাত, ভীৰাক ওৰাং আৰু শিলাক মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ কামত নিয়োগ কৰি থকা হৈছে। তদুপৰি, হাৰ্লি আৰু নভাক প্রশিক্ষণ দি থকা হৈছে বুলি তত্বাৱধায়ক অনিল দাসে জানিবলৈ দিয়ে। বন আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত জৰবাৰ সেৱা কোনেও পাহৰিব নোৱাৰে। জৰবা সকলো প্ৰকৃতিপ্ৰেমীৰ হৃদয়ত থাকিব। জৰবাৰ আত্মাৰ শান্তি কামনা কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে আৰণ্যকৰ সচিবপ্রধান ড° বিভৱ কুমাৰ তালুকদাৰ তথা আৰণ্যকৰ সকলো কৰ্মকৰ্তাই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

Leave A Reply