Breaking

দেহৰ অতিৰিক্ত চৰ্বি কমবালৈ পিয়ক প্ৰাকৃতিক সমলেৰে প্ৰস্তুত কৰা জুচ…

0 12,410

ধনিয়াৰ পাত, নেমুটেঙা আৰু অলপমান আদা। প্ৰথমে ধনিয়াৰ পাতখিনি ভালদৰে ধুই ল’ব। এক গিলাচ জুচ  প্ৰস্তুত হোৱাকৈ ধনিয়াৰ পৰিমাণ নিৰ্ভৰ কৰিব। ইয়াৰ সৈতে সামান্য এটুকুৰা আদা মিক্সিত পিচি ল’ব। পিচত এই মিশ্ৰণটোত আধা পৰিমাণে নেমুৰ ৰস মিহলাব আপোনাৰ মেদবহুল শৰীৰৰ বাবে ।

এই জুচ বা পানীয় প্ৰতিদিনে পুৱা খালী পেটত পান কৰাৰ অভ্যাস কৰক। মাত্ৰ এসপ্তাহমান নিয়মিত খাব। দেখিব ক্ৰমাৎ শৰীৰৰ চৰ্বি গলিবলৈ ধৰিছে। ভৰিত নতুবা মুখমণ্ডলৰ গালত যদি অতিৰিক্ত চৰ্বি জমা হৈছে, তেন্তে সেয়া কমিবলৈ ধৰিব। আপোনাৰ শৰীৰত পুনৰ যদি চৰ্বি জমা হ’বলৈ ধৰে, এই জুচ পান কৰক। নিয়মিত যদি খাব নোৱাৰে, তেন্তে সপ্তাহত দুদিন বা তিনি দিনকৈ খাওক।

ইয়াৰ সমান্তৰালকৈ আপোনাৰ খাদ্য তালিকাখনতো গুৰুত্ব দিয়া উচিত যাতে খোৱা প্ৰতিবিধ খাদ্য শৰীৰৰ বাবে সঠিক হয়।

লগতে প্ৰয়োজন অনুসৰি শাৰীৰিক ব্যায়াম কৰাৰ অভ্যাস গঢ়ি তোলাক আৰু স্বাস্থ্যৱান হৈ ৰওক। কাৰণ এবাৰ যদি শৰীৰত মেদ বৃদ্ধি পায়, তেন্তে ইয়াক কমোৱাটো যথেষ্ট কষ্টকৰ।

Leave A Reply