Breaking

ৰিণিমা বেগমৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত জুম্মাৰ পৰিয়ালৰ দাবী-‘হত্যাত জড়িত নহয় জুম্মা’৷

0 1,122

বৰপেটা চহৰৰ বিলৰটাৰী হাটীত ৰাজপথতে ৰিনিমা বেগম নামৰ যুৱতী অধিবক্তা গৰাকীৰ হত্যাকাণ্ডৰ নতুন মোৰ ৷
পূৰ্বে হত্যাৰ অভিযোগত অভিযুক্ত আছিল ৰিনিমা বেগম ৷প্ৰায় ১২ বছৰ পূৰ্বে তুম্মা নামৰ এগৰাকী লোকক নিশা নিজ ঘৰতে হত্যা কৰাৰ অভিযোগত অভিযুক্ত আছিল ৰিনিমা বেগম ৷ হত্যাৰ অভিযোগত কাৰাবাস খটা ৰিনিমা বেগমৰ বিৰুদ্ধে এতিয়াও গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে গোচৰ ৷ৰিনিমা বেগমে হত্যা কৰা বুলি অভিযোগ উঠা মৃত তুম্মাৰ জ্যেষ্ঠ ভাতৃ আব্দুৰ ৰহমান ওৰফে জুম্মাক যোৱা নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰৰ পিচতেই ঘটনাই লৈছে নতুন মোৰ ৷আৰক্ষীয়ে যোৱা নিশা গ্ৰেপ্তাৰ কৰা আব্দুৰ ৰহমান ওৰফে জুম্মা ৰিনিমা হত্যাৰ সৈতে জৰিত নহয় বুলি পৰিয়ালৰ লোকে দাবী কৰিছে ৷ জুম্মাৰ পত্নীৰ দাবী হত্যাকাণ্ডৰ সময়ত পত্নীৰ সৈতে বজাৰ কৰাত ব্যস্ত আছিল স্বামী আব্দুৰ ৰহমান ওৰফে জুম্মা৷

বৰপেটা মেডিকেল কলেজ হস্পিটালত কৰ্মৰত পত্নীক হস্পিটালৰ পৰা লৈ অহাৰ পিচত বজাৰ কৰাতহে স্বামী ব্যস্ত আছিল বুলি পত্নীয়ে দাবী কৰিছে৷ইপিনে পুৰণি গোচৰৰ প্ৰতিশোধকল্পেই ৰিনিমা বেগমৰ হত্যাৰ সৈতে আব্দুৰ ৰহমান ওৰফে জুম্মাক জৰিত কৰি এজাহাৰ দিয়া বুলি অভিযোগ কৰে পৰিয়ালৰ লোকে ৷ আনকি নিশাৰ আন্ধাৰত ৰিনিমা বেগমৰ জ্যেষ্ঠ ভগ্নীয়ে হত্যাকাৰীক চিনি পোৱা বুলি কৰা দাবী কিমান যুক্তিসংগত সেই সম্পৰ্কেও প্ৰশ্ন উত্থাপন কৰিছে হত্যাত অভিযুক্ত জুম্মাৰ পৰিয়ালৰ লোকে ৷

Leave A Reply