Breaking

গহপুৰৰ গমিৰিৰ দুই ব্যৱসায়ী ভাতৃয়ে সংৰক্ষণ কৰি ৰাখিছে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই বহা কাঠৰ আৰামী চকীঃ চৰকাৰী ভাবে সংৰক্ষণৰ আহ্বান ।

0 760

ডুবিয়া

ৰূপতীৰ্থৰ যাত্ৰী ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই বহা এখন কাঠৰ আৰামী চকী নিজ বাসগৃহত সুদীৰ্ঘ বছৰ ধৰি আটোমটোকাৰীকৈ সংৰক্ষণ কৰি ৰাখিছে গহপুৰ মহকুমাৰ গমিৰিৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ভাতৃদ্বয় ৰাজু চন্থলীয়া আৰু উদয় চন্থলীয়াই। এই সন্দৰ্ভত চন্থলীয়া ভাতৃদ্বয়ে জানিবলৈ দিয়া মতে, তেওঁলোকৰ বৰ্তমানৰ বাসগৃহত এসময়ত বসবাস কৰিছিল তেওঁলোকৰ মামা ককাক কেশৰ দেউ মোৰাৰকাই। অন্যহাতেদি সেই সময়ত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ কৰ্মস্হলী আছিল বৰ্তমানৰ গহপুৰ মহকুমাৰ ভোলাগুৰি চাহ বাগিচা। ভোলাগুৰি চাহ বাগিচাত সেই সময়ত জ্যোতি প্ৰসাদ আগৰৱালাই আৰম্ভ কৰিছিল প্ৰথম অসমীয়া কথাছবি ” জয়মতী” ৰ নিৰ্মাণৰ কাম। কথাছবি নিৰ্মাণৰ বাবে সা- সৰঞ্জামৰ সৰবৰাহ তথা অভিনেতা- অভিনেত্ৰী অনা হৈছিল ব্ৰহ্মপুত্ৰৰ জলপথেৰে আৰু তেতিয়া গমিৰি ঘাটেৰে এই যাতায়ত ব্যৱস্থা চলি আছিল। এনেদৰে গমিৰি ঘাটেৰে অহা- যোৱা কৰাৰ সময়ত জ্যোতি প্ৰসাদ আগৰৱালাই কেশৰ দেউ মোৰাৰকাৰ বাসগৃহত থকা উক্ত কাঠৰ আৰামী চকী খনত বহি খন্তেক জিৰণি লোৱাৰ লগতে ৰাইজৰ লগত মত বিনিময় কৰিছিল। কেৱল জ্যোতি প্ৰসাদ আগৰৱালাই বহাৰ বাবে ৰখা উক্ত চকী খন পিছত কেশৰ দেউ মোৰাৰকাৰ তিনি পুত্ৰ দামোদৰ মোৰাৰকা, শ্যাম সুন্দৰ মোৰাৰকা আৰু সজল মোৰাৰকাই সযতনে সংৰক্ষণ কৰি ৰাখে। পৰৱৰ্তী সময়ত উক্ত বাসগৃহটো মোৰাৰকা পৰিয়ালে ভাগিনীয়েক  ৰাজু চন্থলীয়া আৰু উদয় চন্থলীয়াক গটাই দিয়াত বাসগৃহটোত থকা উক্ত বিশেষ চকী খনো চন্থলীয়া ভাতৃদ্বয়ে লাভ কৰে। মোৰাৰকা পৰিয়ালৰ পৰা চকী খনৰ সন্দৰ্ভত সকলো কথা জানিব পাৰি চন্থলীয়া ভাতৃদ্বয়ে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ স্মৃতি বিজড়িত উক্ত কাঠৰ আৰামী চকী খন সুদীৰ্ঘ বছৰ ধৰি সযতনে সংৰক্ষণ কৰি ৰাখিছে। এই ক্ষেত্ৰত জনতাৰ শিল্পী গৰাকীয়ে বহা উক্ত চকী খন চৰকাৰী ভাবে সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে চন্থলীয়া ভাতৃদ্বয়ে সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষক বিনম্ৰ আহ্বান জনাইছে।

Leave A Reply