Breaking

ফুলৰ পাহিত মানুহৰ ভ্ৰুণ অংকন ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছত শিৱসাগৰৰ জ্যোতিমালা

0 159

দৈনন্দিন বাৰ্তা সেৱা, গেলেকীঃ ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছত শিৱসাগৰৰ জ্যোতিমালা বাইলুং। নয়নতৰা ফুলৰ পাহিত মানুহৰ ভ্ৰূণ অংকন কৰি ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে শিৱসাগৰৰ এই গৰাকী ছাত্ৰীয়ে। শিৱসাগৰ নগৰৰ সমীপৰ অৰ্জুনগুৰিত ঘৰ জ্যোতিমালা বাইলুঙৰ। প্ৰয়াত অনিল বাইলুং আৰু মিনতি বাইলুঙৰ কন্যা জ্যোতিমালাই নয়নতৰা ফুলৰ এটা পাহিত অংকন কৰিলে মানুহৰ ভ্ৰূণ।

সেই ছবি ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰাৰ পিছতে আহিল সুখবৰ। শিৱসাগৰ ছোৱালী কলেজৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰী জ্যোতিমালা সক্ষম হয় এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেকৰ্ড কৰিবলৈ। জ্যোতিমালা বাইলুঙৰ এই সাফল্যত এতিয়া আনন্দিত ছাত্ৰী গৰাকীৰ অভিভাৱক, শিক্ষাগুৰু আৰু বন্ধু-বান্ধবী।

Leave A Reply