সদায় শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰে স্বাস্থ্য বিভাগত কিমান সহনশীলতাৰে উন্নয়ন কৰিছে তাৰেই এক বাস্তৱ প্ৰতিছব্বি দেখুৱাম এই প্ৰতিবেদনৰ জৰিয়তে। বঙাইগাঁও জিলাৰ মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ ওপৰ মহলাত থকা কোভিড চেন্টাৰত নৰক যন্ত্ৰণা ভোগ কৰি দিন অতিবাহিত কৰিছে কোভিড ৰোগীয়ে ।কোঠালিৰ ভিতৰত নাই কনো চাফ চিকুনতা, প্ৰশ্ৰাৱগাৰ , সৌচাগাৰ, বাথৰূমৰ কদৰ্য ৰূপ দেখিলে আপোনাৰ চকু কপালত উঠিব। তাত্পৰ্যপূৰ্ণ কথাটো হ’ল এজন কোভিড ৰোগী ৰিলিজ লোৱাৰ পিছত বিছনা চেনিটাইজ নকৰাকৈয়ে একেখন বিছনাতে আন কোভিড ৰোগীয়ে নিজে চাফ চিকুণ কৰি থাকিব লগীয়া হৈছে। পানীৰ টেপ খুলিলেই ব্যৱহাৰৰ অনুপযোগী ৰঙা চাহ সদৃশ পানী ওলায়। স্নান কৰাটো দুৰৈৰ কথা হাতেৰে চুলেই নানান ৰোগ সংক্ৰমণ হ’ব পাৰে। দৈনিক ৩ লিটাৰ পেকেজিং খোৱা পানী দিয়ে দায়িত্ব সামৰিছে বিয়াগোম স্বাস্থ্য বিভাগে। মুঠতে মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত এক অৰাজকতাৰ মাজেৰে চলিছে স্বাস্থ্য সেৱা। চৰকাৰে কোটি কোটি টকা খৰচ কৰিছে কোভিট ৰোগী থকা চেন্টাৰ তথা ৰোগীৰ বাবে। কিন্তু প্ৰকৃততে কোভিডৰ বাবে আৱন্টিত ধনৰ সদ ব্যৱহাৰ হৈছেনে। ভূক্তভোগী কোভিট ৰোগীয়ে ইয়াৰ এক বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে স্বাস্থ্য বিভাগৰ লগতে উপায়ুক্ত মহোদয়ক আৰু মনিকপুৰ ৰাজ চক্ৰ বিষয়া আহ্বান জনাইছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- 1st BN SSB on full swing on Meri Matti Mera Desh
- শিৱসাগৰত পৰ্যটন বিভাগৰ উদ্যোগত ‘বিশ্ব পৰ্যটন দিৱস’ উদযাপন; মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অংশগ্ৰহণ
- পূৰ্ণ গতিত প্ৰথম বিএন এছএছবিৰ ‘মেৰি মাটি মেৰা দেশ’
- বৰপেটাত উলহ মালহেৰে ‘মোৰ মাটি মোৰ দেশ’ কাৰ্য্যসূচী পালন
- সৰ্বধৰ্ম সভাৰে নিৰু শৰ্মা পৰাজুলীৰ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতি চাৰণ অনুষ্ঠান লেখিকা সংস্থা,অসমৰ
- ‘মই ক্ষমতাৰ লোভী নহয়’: ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ সৈতে মিত্ৰতাৰ সন্দৰ্ভত এইচ ডি দেৱেগৌড়া
- কুলশী নৈৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ টংলাৰ বনগাঁৱত তিনিদিনীয়া ভাগৱত পাঠ, নাগাৰা নাম
- মণিপুৰক অশান্ত ৰাজ্য ঘোষণা চৰকাৰৰ; ৬ মাহলৈ সম্প্ৰসাৰিত কৰা হৈছে AFSPA
- গেণীচুকৰ ঐতিহাসিক কুন্দা আতা থানত স্বচ্ছতা অভিযান
- জ্যোতিচিত্ৰবনত অসমীয়া চিনেমা ‘মমতাৰ চিঠি’ৰ ট্ৰেইলাৰ মুকলি