Breaking

কাকপথাৰ ডিৰাক কপাতলি সেনাবাহিনী চাউনীলৈ লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ, প্ৰচণ্ড শব্দ কৰি বিস্ফোৰণ

0 56

উজনিত পুনৰ অঘটন৷ বুধবাৰে সন্ধিয়া কাকপথাৰ ডিৰাক কপাতলি সেনাবাহিনী চাউনীলৈ গ্ৰেনেড নিক্ষেপৰ এক ঘটনা সংঘটিত হয়।

মটৰচাইকেলত অহা দুজন যুৱকে নিক্ষেপ কৰে এই গ্ৰেন্ড৷ জানিব পৰাৱ মতে সেনা শিবিৰৰ ওচৰত গ্ৰেনেডটোৰ বিস্ফোৰণ ঘটে৷

প্ৰাপ্ত খবৰ অনুসৰি ২২ নৱেম্বৰৰ সন্ধিয়া কাকপথাৰৰ সেনা শিবিৰৰ ওচৰত গ্ৰেনেড বিস্ফোৰণ ঘটাত তীব্ৰ উত্তজনেই বিৰাজ কৰিছে৷

আক্ৰমণটো সেনা শিবিৰক লক্ষ্য কৰি কৰা হৈছিল বুলি সন্দে কৰা হৈছে৷ এই বিস্ফোৰণত এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।

সন্ধিয়া প্ৰায় ৭:৪০ বজাত ডিৰাক গেটৰ ১৯ গ্ৰেনেডিয়াৰ গেটৰ সন্মুখত বিস্ফোৰণটো সংঘটিত হয়।

Leave A Reply