Breaking

ব্ৰেইন টিউমাৰত আক্ৰান্ত কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়ৰ ছাত্ৰ

0 1,532

ৰাজ্যখনৰ ওদালগুৰি জিলাৰ ৭০ নম্বৰ মাজবাট বিধান সভা সমষ্টিৰ এলেকা তথা ৰৌতাচাৰিআলিৰ সমীপৱৰ্তী ৰৌতাবাগান গাঁৱত বসবাস কৰা  ব্যৱসায়ী  হিৰণ দাসৰ পাঁচজনীয়া পৰিয়ালত এতিয়া প্ৰতিদিনে চকু পানী টুকি থকাৰ কথা শুনিবলৈ পোৱা যায় । কাৰণ এই পৰিয়ালটোৰ ১৯ বছৰীয়া পুত্ৰ তথা ওৰাং কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়ৰ তৃতীয় ষান্মাসিকৰ  ছাত্ৰ উৎপল দাস ব্ৰেইন টিউমাৰত আক্ৰান্ত হোৱাত বেংগালুৰুৰ  ইউনিট অফ নাৰায়ণা হেল্থ মজুমদাৰ  চ’ মেডিকেল চেন্টাৰত বিগত ২০২০ চনৰ ১৪ ফেব্ৰুৱাৰীতে মুৰৰ অস্ত্ৰোপ্ৰচাৰ কৰায় আনে  যদিও  পৰিয়ালটোৰ আৰ্থিক দুৰৱস্থাৰ বাবে বৰ্তমান সময়মতে ঔষধক্ৰয়  কৰিব নোৱাৰাত অস্ত্ৰোপচাৰ কৰাৰ পাছতো এতিয়া ক্ৰমান্বয়ে বেমাৰ বাঢ়িহে যাব ধৰিছে । এই মেধাৱী ছাত্ৰজনে চকুৰে কমকৈ দেখা পায় । কাণেৰে কমকৈ শুনাৰ অৱস্থা হৈছে । মুৰ ঘূৰোৱা , মুৰ আৰু দেহৰ জিনজিননী বৃদ্ধি পাইছে। হাত ভৰি অচল হৈ কপি থকা দেখা যায় । কথা পাতিলে লাগি ধৰাৰ লগতে সঘনাই কথা পাহৰে । সেয়ে পৰিয়ালটোৰ  দুৰৱস্থাৰ কাৰণে পুনৰ  বেংগালুৰুৰ চিকিৎসালয়ত দেখুওৱাবলৈ নিব পৰা নাই । আজি এই সাংবাদিকে ছাত্ৰ উৎপল দাসৰ বাসভৱনত বেমাৰৰ খৱৰ ল’বলৈ যোৱত ছাত্ৰগৰাকীৰ মাতৃ অঞ্জনা দাসে চকুৰ পানী টুকি কয় যে -ঘৰৰ গৰু, ছাগলী  বিক্ৰী কৰাৰ  লগতে পথাৰৰ খেতি কৰা মাটি বন্ধকত গ’ল তথাপি ল’ৰাজনক সুস্হ কৰি তুলিব পৰা নাই । বৰং বেমাৰ বাঢ়ি থকা দেখা গৈছে । বিগত ২০১৯ চনৰ ২৬ নৱেম্বৰত  প্ৰথম চিকিৎসাৰ বাবে দৰং জিলাৰ মঙ্গলদৈৰ প’লি  ক্লিনিকত  নিয়া হৈছিল । তাত  মুৰৰ বিষ আৰু যথৰ হৈ থকা ভৰি দুখনৰ কোনো সুচিকিৎসা নোহোৱাত কামৰূপ জিলাৰ কেন্দুকণা জানা ক্লিনিকত চিকিৎসা গ্ৰহণ কৰা হয় যদিও তাতো  বেমাৰ বাঢ়িহে যায় । উপায়হীন হৈ মাজতে ওজা কেইবাজনো দেখুওৱা হৈছিল । পাছত চলিত বছৰৰ ২৮ জানুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত দেখুওৱাত ব্ৰেইন টিউমাৰত আক্ৰান্ত হোৱা বুলি জানিব পাৰি বেংগালুৰুত ল’ৰা জনক চিকিৎসাৰ বাবে নিয়া হয় আৰু তাত টিউমাৰটোৰ অস্ত্ৰোপ্ৰচাৰ কৰে । এনেদৰে ইজনৰ পাছত সিজন চিকিৎসকৰ  কাষ চাপি আজিলৈকে ল’ৰাজনৰ চিকিৎসাৰ নামত সৰ্বস্বান্ত হ’ব লগীয়া হৈছে । সেয়েহে  ধনৰ অভাৱত মহাবিদ্যালয়ত পঢ়ি থকা ল’ৰাজনক বৰ্তমান চিকিৎসা কৰিব নোৱাৰি  ঈশ্বৰকে প্ৰাৰ্থনা কৰি দিনে নিশাই  পৰিয়ালটোৱে চকু পানী টুকি  দিন পাৰ কৰি আছে । গতিকে  অসম চৰকাৰৰ স্বাস্হ্য বিভাগৰ লগতে কোনো ব্যক্তিয়ে ছাত্ৰজনৰ জীৱন বচাবলৈ সহায়ৰ হাত আগবঢ়াব খুজিলে ম’বাইলৰ ৯৯৫৪২৬৫৩৬০ আৰু ৬০০৩০২৫৮৫০ নম্বৰত যোগাযোগ কৰিবৰ কাৰণে পৰিয়ালটোৱে অনুৰোধ জনাইছে ।

Leave A Reply