Breaking

কলাগুৰু থিয়েটাৰৰ আত্মপ্ৰকাশ

0 125

২০২৪-২৫ নাট্যবৰ্ষত ভ্ৰাম্যমাণ নাট্যজগতত আত্মপ্ৰকাশ ঘটিব এটা নতুন নাট্যদলৰ। বাক্সা জিলাৰ আঠিয়াবাৰীৰ পৰা আত্মপ্ৰকাশ কৰিবলগীয়া এই নাট্যদলটোৰ নাম হৈছে কলাগুৰু থিয়েটাৰ। ইতিমধ্যেই গুৱাহাটীৰ ৰাজগড়স্থিত ডি জে ক্ৰিয়েছনত নাট্যদলটোৱে ফটো চেচনৰ কাম সম্পূৰ্ণ কৰি হেণ্ডবিল তথা পোষ্টাৰ মুকলি কৰিছে।

তিনিগৰাকী জনপ্ৰিয় নাট্যকাৰৰ তিনিখন ভিন্নসুৰী নাটক মঞ্চস্থ কৰিবলৈ সংকল্প লৈছে নাট্যদলটোৱে। সেই মৰ্মে ভ্ৰাম্যমাণ নাট্যমঞ্চৰ বলিষ্ঠ নাট্যকাৰ চম্পক শৰ্মাই নাট্যদলটোৰ বাবে ৰচনা কৰিছে ‘কৰ্ণ-অৰ্জুন’। লগতে যুৱ প্ৰজন্মৰ দুই শক্তিশালী নাট্যকাৰ তপন পাঠকৰ এক ব্যতিক্ৰমী সৃষ্টি ‘নাহৰ ফুলে নুশুৱাই ‘ আৰু ভাস্কৰজ্যোতি শৰ্মাৰ ‘মই এন্ধাৰৰ ৰজা’ হ’ব কলাগুৰু থিয়েটাৰৰ এক অন্যতম অস্ত্ৰ।

নাট্যদলটোৰ প্ৰযোজক আৰু কাৰ্যকৰী প্ৰযোজক হিচাবে আছে ধনজিত হালৈ আৰু তপন পাঠক। নাট্যদলটোৰ মুখ্য পৰিচালন সঞ্চালকৰ দায়িত্বত থাকিব- খৰ্গেশ্বৰ তালুকদাৰ।


নাট্যদলটোৰ অভিনয় শিল্পী সকলৰ ভিতৰত থাকিব চলচ্চিত্ৰ জগতৰ দুই তাৰকা অৰূপ বৈশ্য আৰু পদ্মৰাগ গোস্বামীৰ লগতে আছে হিমাক্ষী কলিতা, ভাস্কৰ বৰ্মন, জয়ন্ত জীৱন বৰুৱা, বিবেক , জোনালী বৰুৱা, বেউটি কুইন দাস, আমিনা দেৱান, হিমাংশু মহন্ত, মিলন দত্ত, বাণী শংকৰ ডেকা আদিকে ধৰি বহুতো ন-পুৰণি অভিনয় শিল্পী। সকলোৰে সুবিধাৰ্থে নাট্যদলটোৱে আনুষ্ঠানিক ভাৱে মুকলি কৰিছে যোগাযোগৰ নম্বৰ- 8638474854, 6001275760, 8638222474, 6900642122

-নিচান শইকীয়া

Leave A Reply