Breaking

কলাইগাঁৱৰ শিক্ষক নলিনী কান্ত ডেকাই ইউটিউবৰ জৰিয়তে লাভ কৰা ধন আগবঢ়ালে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ

0 1,577

ওদালগুৰি জিলাৰ কলাইগাঁৱৰ নিকটৱৰ্তী বননগৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক নলিনী কান্ত ডেকাই নিজৰ শিক্ষণ ইউটিউব চেনেলৰ জৰিয়তে উপাৰ্জন কৰা ধনৰ ২৫,৫৫৫.০০ টকা আজি মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ায় ৷ আজি(৩১ জুলাই) শিক্ষক ডেকাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি তেওঁৰ হাতত ২৫,৫৫৫.০০ টকা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ায় ৷ উল্লেখ্য যে, জিলাখনৰ ২ নং কলাইগাঁৱৰ প্ৰয়াত সীতাৰাম ডেকা আৰু নিৰলা ডেকাৰ শিক্ষক পুত্ৰ নলিনী কান্ত ডেকাই ২০১৯ চনত ক’ভিড মহামাৰীৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ অনলাইন পাঠদানত সহায়ক হোৱাকৈ ইউটিউবত নিজৰ নামত এটা শিক্ষণ চেনেল খুলি সময়োপযোগী আৰু ছাত্ৰ-ছাত্ৰীৰ পাঠ ভিত্তিক বিভিন্ন শিক্ষণ ভিডিঅ’ৰে ছাত্ৰ-ছাত্ৰীৰ উপকাৰ সাধন কৰি আহিছে ৷ এনেদৰে চেনেলটোত ছাত্ৰ-ছাত্ৰীৱে দেখুওৱা আগ্ৰহৰ ফলত ইউটিউবৰ জৰিয়তে শিক্ষক ডেকাই ধন উপাৰ্জন কৰিবলৈ আৰম্ভ কৰে ৷ সেয়ে ছাত্ৰ-ছাত্ৰীক উপকাৰ সাধনৰ বাবে প্ৰস্তুত ককা পাঠভিত্তিক বিষয় সম্প্ৰচাৰ জৰিয়তে চেনেলৰ উপাৰ্জিত ধনৰ ৬০ শতাংশ শিক্ষক নলিনী কান্ত ডেকাই ছাত্ৰ-ছাত্ৰীৰ উপকাৰৰ বাবে খৰচ কৰি অহিছে।

তেওঁ বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন বিদ্যালয়লৈ গৈ ছাত্ৰ-ছাত্ৰীৰ বাবে বহী, কিতাপ, কম্পাছ, কলম আদি প্ৰদান কৰাৰ উপৰিও বিদ্যালয়ৰ পুথিভঁৰাললৈ কিতাপ আদিও প্ৰদান কৰিছে । তেওঁ বৰ্তমানলৈ অঞ্চলটোৰ সমলাবড়ি প্ৰথমিক বিদ্যালয়, ৰণথলী সমবায় প্ৰথমিক বিদ্যালয়, দৰঙ্গীপাৰা প্ৰথমিক বিদ্যালয়, বননগৰী প্ৰাথমিক বিদ্যালয় (দুবাৰ), বৰপুখুৰী প্ৰথমিক বিদ্যালয়লৈ শিক্ষামূলক সামগ্ৰী প্ৰদান কৰিছে। ইউটিউবৰ পৰা একেৰাহে সপ্তমবাৰলৈ উপাৰ্জন কৰা ধনৰ ২৫,৫৫৫.০০ টকা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়াই তেওঁৰ মহানুভৱতাৰ পৰিচয় দিয়ে৷

Leave A Reply