Breaking

কালৰূপী বানে ৰঙিয়াৰ বিভিন্ন ঠাইত সংহাৰী ৰূপ ধাৰণ কৰিছে…

0 58

কালৰূপী বানে ৰঙিয়াৰ বিভিন্ন ঠাইত সংহাৰী ৰূপ ধাৰণ কৰিছে । বিশেষকৈ উদিয়ানা গাঁওত বানত ডুব গৈছে অঞ্চলটোৰ ঘৰ-দুৱাৰ, পথ সকলো ।

কোনোৱে যদি বিচনাৰ ওপৰত বিচনা জোৰা দি আশ্ৰয় লৈছে । আন কোনোৱে আকৌ নিৰাপদ স্থানৰ সন্ধানত ঢাপলি মেলিছে ওখ স্থানলৈ । বৰলীয়া নৈৰ প্ৰলয়ংকাৰী বানত শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ বিনষ্ট হৈছে । বানত ককবকাই থকা দৰিদ্ৰ পৰিয়াল এতিয়া গৃহহাৰা হৈ পৰিছে । বিনষ্ট হৈছে কৃষিভূমি ।

মীন পালক সকলৰো বৃহৎ ক্ষতিসাধন হৈছে । যাৰ বাবে এতিয়া নানান সমস্যাত পৰিছে বানাক্ৰান্ত ৰাইজ । কি খাব, কত থাকিব তাক লৈ চিম্তিত হৈ পৰিছে বন্যাৰ্তসকল । যাতায়ত কৰা পথত একাঠু অথবা একোকাল বান । বিপদ সংকুল যাতায়ত কৰিছে বানাক্ৰান্তই । যোৱা দুইদিনে বানত ককবকাই এতিয়া অঞ্চলটোত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ।

Leave A Reply