Breaking

শিৱসাগৰ জিলা আশিহাৰা কাৰাটেত কালুগাঁও শ্ৰেষ্ঠ

0 2,039

নাজিৰাৰ এম চি ক্লাৱত শিৱসাগৰ জিলা ভিত্তিত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা আশিহাৰা সমৰ-কলা (কাৰাটে) প্ৰতিযোগিতা অলপতে সফলতাৰে সামৰণি পৰে । আশিহাৰা কাৰাটে স্কুল কালুগাঁৱৰ অৰ্ণৱ জ্যোতি বৰঠাকুৰ ল’ৰাৰ শাখাত শ্ৰেষ্ঠ খেলুৱৈ আৰু  নাজিৰা ড্ৰেগন ক্লাৱৰ গাৰ্গী কাশ্যপক ছোৱালীৰ শাখাত শ্ৰেষ্ঠ পুৰস্কাৰ প্ৰদান কৰা হয় । আনহাতে দলগতভাৱে আশিহাৰা কাৰাটে স্কুল কালুগাঁৱলৈ প্ৰথম শ্ৰেষ্ঠ পুৰস্কাৰ আগবঢ়োৱা  হয় । দলটোৱে ১৬টা সোণৰ, ৫টা চিলভাৰ, ১১ টা ব্ৰঞ্জৰ পদক জয় কৰে । শিৱসাগৰ টাইকোৱাণ্ডু চেণ্টাৰ দ্বিতীয় শ্ৰেষ্ঠ দল আৰু আশিহাৰা কাৰাটে অনুষ্ঠান বকতাই তৃতীয় শ্ৰেষ্ঠ দলৰ পুৰস্কাৰ লাভ কৰে । নাজিৰা কীডচ জ’নে শ্ৰেষ্ঠ অনুশাসন প্ৰদৰ্শনকাৰী দলৰূপে পুৰস্কাৰ লাভ কৰে । মুঠ দুশজন জুনিয়ৰ, চাব-জুনিয়ৰ, কেডেট আৰু চিনিয়ৰে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাত হেমন্ত বৰঠাকুৰ চীফ জুৰী হিচাপে উপস্থিত থকাৰ লগতে সুশান্ত দাস, দিব্যজ্যোতি বৰুৱা, কৃষ্ঞ দৰ্জী, কমল চেতিয়া, ৰাজীৱ দাস, পূজা শইকীয়া, শিখা দাস আদিয়ে ৰেফাৰী হিচাপে সহায় কৰে । ৩১ অক্টোবৰৰ নিশা অনুষ্ঠিত পুৰস্কাৰ বিতৰণী অনুষ্ঠানত নাজিৰাৰ সহকাৰী আয়ুক্ত প্ৰীতম কুমাৰ গগৈ, সংবাদ কৰ্মী ভাস্কৰজ্যোতি বৰগোহাঁই উপস্থিত থাকি ক্ৰীড়া প্ৰতিযোগী সকলক উৎসাহ যোগায় । শিশু খেলুৱৈ সকলক উৎসাহ যোগাবলৈ নাজিৰাৰ আশিহাৰা কাৰাটে কীডচ জ’নে আয়োজন কৰা প্ৰতিযোগিতাৰ পৰিচালনাত সহায় কৰে আব্দুৰ ৰহমানে ।

Leave A Reply