Breaking

কমল হাছান বনাম চলমান খান; ‘বিগ বছ’ৰ বাবে কিমান মাচুল লয় জানিলে আচৰিত হৈ পৰিব আপুনি!

0 71

অভিনেতা হিচাপে তেওঁ অসাধাৰণ। যদিও তেওঁ দক্ষিণৰ তাৰকা, তথাপিও তেওঁৰ জনপ্ৰিয়তা দেশজুৰি। নাম কমল হাচান৷ কমল হাছানে ইখনৰ পিছত সিখন ছবিত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিছে। সৰু পৰ্দাতো তেওঁৰ আবেদন কম নহয়। সৰু পৰ্দাত জনপ্ৰিয় ৰিয়েলিটি শ্ব’ৰ আয়োজক হিচাপেও দেখা গৈছে কমলক। বাতৰি অনুসৰি একেৰাহে ছটা ছিজনৰ পিছত তেওঁক ‘বিগ বছ তামিল ৭’ৰ আয়োজক হিচাপেও দেখা যাব। ৰিয়েলিটি শ্ব’ৰ এই ছিজনত আয়োজক হ’বলৈ কমলে কিমান মাচুল নিৰ্ধাৰণ কৰিছে সেই অংকটো জানিলে চকু কপালত উঠিব আপোনাৰ!

‘বিগ বছ তামিল ৭’ আয়োজনৰ বাবে প্ৰায় ১৩০ কোটি টকাৰ মাচুল দাবী কৰিছে কমল হাছানে। শেহতীয়াকৈ এটা অনুষ্ঠানত ‘বিগ বছ তামিল ৭’ আয়োজন কৰাৰ খবৰটো কমলে নিজেই জনায়। অৱশ্যে এই পাৰিতোষিক সন্দৰ্ভত এতিয়াও কোনো বক্তব্য প্ৰকাশ কৰা নাই ৰিয়েলিটি শ্ব’ৰ নিৰ্মাতাসকলে।

ইফালে ছলমান খানক বৰ্তমান ‘বিগ বছ অ’টিটি’ৰ দ্বিতীয় ছিজনত দেখা গৈছে। খবৰ অনুসৰি শ্ব’টো আয়োজন কৰিবলৈ ছলমানে প্ৰতি সপ্তাহত ২৫ কোটি টকা লয়। ছলমানে প্ৰতিটো খণ্ডত লাভ কৰিছে ১২.৫ কোটি টকা। যদিহে ৰিয়েলিটি শ্ব’ৰ সময়সীমা এমাহ হয় তেন্তে ছলমান খানৰ পাৰিতোষিক ২০০ কোটি টকাৰ ওচৰ চাপিব। অৱশ্যে ১৩০ কোটি টকাৰ পাৰিতোষিক লাভ কৰিও কমলে ছলমানক পৰাস্ত কৰিব নোৱাৰে।

আনহাতে, ‘বিগ বছ তামিল ৭’ পৰিচালনাৰ উপৰিও কমল হাছানে প্ৰভাস আৰু অমিতাভ বচ্চনৰ সৈতে এখন আগন্তুক ছবিত অভিনয় কৰিবলৈ ওলাইছে। নাগ অশ্বিনৰ ‘প্ৰজেক্ট কে’ত তেওঁৰ অভিনয় সন্দৰ্ভত বিগত কিছুদিন ধৰি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। খবৰ অনুসৰি, অহা আগষ্টৰ পৰা আৰম্ভ হ’ব শ্বুটিং কমলৰ। ছবিখনত তেওঁক খলনায়ক হিচাপে দেখা যাব। শুনা যায় যে দক্ষিণৰ তাৰকাগৰাকীয়ে ছবিখনৰ শ্বুটিংৰ বাবে ২০ দিনৰ সময় দিছে।

Leave A Reply