Breaking

কমলপুৰৰ শোকাৱহ পথ দুৰ্ঘটনা : নিহত -১ আহত – ৩

0 1,623

বানৰ মাজতে কমলপুৰৰ পুঠিমাৰীত আজি দিনৰ প্ৰায় ১১ বজাত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। ৩১নং ৰাষ্ট্ৰীয় ঘাই পথৰ পুঠিমাৰীত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত এগৰাকী মহিলা থিতাতে নিহত হোৱাৰ বিপৰীতে আন তিনিগৰাকী পথচাৰী গুৰুতৰ ভাৱে আহত হয় । নিহত মহিলা গৰাকীৰ নাম তৰিবন নেচা (৬৫) ।আহত তিনিগৰাকী ক্ৰমে হাফিজ দেৱান (৭৫) , চাফিয়া বেগম (৬০) আৰু হামিদ আলি (৬৫) বুলি আৰক্ষীয়ে জানিবলৈ দিছে । জানিব পৰা মতে, আঠাৰা গাৱঁৰ পৰা তিনিও জনে জ্বৰ-কাহত ভূগি থকাত আজি পুঠিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ আহিছিল চিকিৎসাৰ বাবে । চিকিৎসকক দেখুৱাৰ পিছত পুনৰ ঘৰলৈ উভতি যোৱা পথত পিছপিনৰ পৰা অহা দ্ৰুত বেগী অল্টো বাহন (নং এ এচ ০১ বি ডি ৪১৩৫) এখনে পথচাৰী কেইজনক বহু দূৰলৈ মহটিয়াই লৈ যায় । ফলত থিতাতে নিহত হয় তৰবিন নেচা ।

অন্য তিনিগৰাকী হাফিজ দেৱান ,চাফিয়া বেগম আৰু হামিদ আলি অতি সংকটজনক অৱস্থাত গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰন কৰা হয় । জানিব পৰা মতে, দুৰ্ঘটনাত নিহত তৰিবন নেচা হাফিজ দেৱানৰ পত্নী | অন্য দুগৰাকী আহত চাফিয়া বেগম আৰু হামিদ আলিও স্বামী – স্ত্ৰী বুলি জানিব পৰা গৈছে | বাহনখন বৰমাৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল । বাহন খনৰ চালকৰ আসনত আছিল আৱকাৰী বিভাগৰ বিষয়া । দুৰ্ঘটনাটো সংঘটিত কৰাৰ পিছত বিষয়া গৰাকীক স্হানীয় লোকে লপা-থপা দি পৰিস্থিতি উত্তপ্ত কৰি তোলে । পিছত কমলপুৰ আৰক্ষী ঘটনা স্হলীত উপস্থিত হৈ বিষয়া গৰাকীক উদ্ধাৰ কৰাৰ লগতে ঘটনা সম্পৰ্কত তদন্ত আৰম্ভ কৰে ।

Leave A Reply